
লংকাঃ হোজাই জিলাৰ লংকাৰ ২নং ৰেল গেটৰ সমীপত এটি পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ৰেল গেটৰ পৰা কিছু নিলগত এখন পথাৰত পুৱাই একাংশ লোকে লংপেন্ট জেকেট পৰিহিত এগৰাকী লোক পৰি থকা প্ৰত্যক্ষ কৰে৷
একাংশ লোকে ওচৰলৈ গৈ মানুহ জনৰ মৃত্যু হোৱা বুলি থিৰাং কৰি আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষী উপস্থিত হৈ তদন্ত কৰাত মৃতদেহটো লংকা গ্ৰেন্টৰ জীৱন দাস(৫০) বুলি চিনাক্ত কৰে৷ নিশা ৰেলৰ পৰা পৰি মৃত্যু হোৱা সন্দেহ কৰে একাংশ লোকে৷
মৃতদেহটোৰ এখন ভৰিত আঘাতৰ চিন স্পষ্ট হৈ থকাত হত্যাকাণ্ড হ’ব পাৰে বুলিও একাংশ লোকে সন্দেহ কৰে৷