বৈদ্যগড় ক্রিকেট, ৰঙিয়া ব্লক ক্লাব চূড়ান্ত বিজয়ী

তুলসীবাৰীঃ বৈদ্যগড় আঞ্চলিক ক্ৰিকেট ক্লাবৰ উদ্যোগত স্থানীয় আৰিমত্ত মিনি ষ্টেডিয়ামত অনুষ্ঠিত প্ৰাইজমানি প্ৰতিযোগিতাৰ চূড়ান্ত খেলত ৰঙিয়া ব্লক ক্লাৱে লাহাপাৰা মিলনজ্যোতি ক্লাবক পৰাস্ত কৰি বিজয়ীৰ খিতাপ অৰ্জন কৰে৷

ৰঙিয়া মহকুমাৰ ভিন্ন প্ৰান্তৰ পৰা ২০টাকৈ দলে অংশগ্ৰহন কৰা প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত কৰা বঁটা বিতৰণী সভা৷ সভাপতি নিলমনি ৰাজবংশীৰ সঞ্চালনাত অনুষ্ঠিত সভাত অৱসৰ প্ৰাপ্ত কৃতী শিক্ষক হৰেন্দ্ৰ নমশুদ্ৰ, প্ৰাক্তন ছাত্ৰ নেতা লিটন কলিতাকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিজয়ী আৰু বিজেতা দলক ট্ৰফীসহ নগদ ধন প্ৰদান কৰে৷