কলিয়াবৰত মইনাৰ কোলাহল, মুখ্যমন্ত্ৰীয়ে দিলে ১২ লাখ

কলিয়াবৰঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত কলিয়াবৰ অনুষ্ঠিত হোৱা ষষ্ঠদশ দ্বি-বাৰ্ষিক সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহৰ বৃহস্পতিবাৰে অন্তিম দিন৷ শিশু সকলৰ শাৰিৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত মইনা পাৰিজাতৰ তৃতীয় দিনটোত পুৱাই উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে কলিয়াবৰ বিশিষ্ট শিল্পী জগন্নাথ মহন্তই।

সাংস্কৃতিক অনুষ্ঠানৰ লগতে শাৰিৰীক ব্যায়ম, ছবি অংক, মাষ্ট-ফাষ্ট আদি বিভিন্ন অনুষ্ঠানৰে মুখৰিত হৈ হৈ পৰে কলিয়াবৰৰ কুঁৱৰীটোল। দুপৰীয়া মইনা হৃষীকেশ হাতীমতাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলাৰ সভাপতি অনিল শইকীয়াই।

মইনাসকলক উদ্দেশ্যে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোণোৱালে শিশু-মহিলাৰ ভৱিষ্যৎ উজ্বল কৰাৰ নিমিত্তে চৰকাৰ আৰু জনসাধৰণে যৌথ ভাৱে কাম কৰিব লাগিব বুলি কয়৷ মহিলাক নীতি শিক্ষা প্ৰদান কৰি অসমত জন্ম লাভ কৰা প্ৰতিগৰাকী শিশুক ভাল নাগৰিক হিচাপে গঢ় দিব লাগিব বুলি কৈ পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰীয়ে সক্ৰিয়তাৰে, দায়বদ্ধতাৰে, একগ্ৰতাৰে ভাল শাসন ভাল বাতাৱৰণ গঢ়ি তুলিব বুলি কয় সোণোৱালে৷

মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অলক কুমাৰ বুঢ়াগোহাই আৰু শিশু সাহিত্য একাডেমী বঁটা প্ৰাপক ড০ শান্তনু তামূলীৰ লগতে ধেমাজি, গোলাঘাট, মাজুলী আৰু মঙলদৈৰ চাৰিগৰাকী মইনা অতিথিয়ে অংশগ্ৰহণ কৰে। মুকলি সভাতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদৌ অসম মইনা পাৰিজাতক ১২ লাখ টকাৰ চেক প্ৰদান কৰে৷

আনহাতে মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰে মুখামুখি হৈ সাবাদিকক ধন্যবাদ জনাই৷ দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলোৱাত আপোনালোকে আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে তাৰ বাবে কৃতজ্ঞতা জনাইছো বুলি কয় অসমৰ সংবাদ মাধ্যমক৷ ২০১৮ ইংৰাজী নৱবৰ্ষৰ বাবে অসমৰ সমূহ ৰাইজলৈ শ্ৰদ্ধা আৰু আন্তৰিক শুভেচ্ছা জনাইছো বুলিও কয় সোণোৱালে৷