কোকৰাঝাৰৰ চক্ৰসিঙক সৰ্বভাৰতীয় প্ৰমিছিং য়ুথ আইকন বঁটা

কোকৰাঝাৰঃ কোকৰাঝাৰৰ বডোফা চহৰ নিৱাসী চক্ৰসিং মুছাহাৰীয়ে অসমৰ পৰা একমাত্ৰ ব্যৱসায় ক্ষেত্ৰত প্ৰতিশ্ৰুতি সম্পন্ন যুৱ আইকন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

বুধবাৰে পিংক চিটি জয়পুৰত ৰাজস্থানৰ কৃষিমন্ত্ৰী প্ৰভুলাল চাইনী আৰু ৰাজস্থান বিত্ত আয়োগৰ অধ্যক্ষ জ্যোতি কিৰণ শুক্লাৰ উপস্থিতিত কোকৰাঝাৰৰ ব্যৱসায়ী, ঠিকাদাৰ তথা সমাজকৰ্মী চক্ৰসিং মুছাহাৰীয়ে বিছনেচ ৰেংকাৰ্চ গ্ৰুপৰ পৰা উক্ত বঁটা গ্ৰহণ কৰে।

উল্লেখ্য যে, বিছনেচ ৰেংকাৰ্চ মেগাজিন গ্ৰুপৰ উদ্যোগত পিংকচিটি জয়পুৰৰ পঞ্চতাৰকাযুক্ত মেৰিয়ট হোটেলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ উদ্যোগী যুৱ ব্যৱসায়ীসকলক সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰা হয়।

মুঠ ১৩টা শিতানত বঁটা প্ৰদান কৰা হয় আৰু তাৰে ভিতৰত অসমৰ পৰা একমাত্ৰ কোকৰাঝাৰৰ চক্ৰসিং মুছাহাৰীয়ে বিজনেছ ৰেংকাৰ্চ এৱাৰ্ড ২০১৭ৰ অধীনত বছৰটোৰ "প্ৰমিছিং য়ুথ আইকন" বঁটা লাভ কৰাত কোকৰাঝাৰত আনন্দৰ বন্যা বৈছে।