কন্দলী পাহাৰত বন্দুক এৰি পলাল চোৰাং চিকাৰী

কামপুৰঃ বৃহস্পতিবাৰে নগাঁও জিলাৰ কন্দলী পাহাৰৰ আহুতলী বনাঞ্চলত বন বিভাগে অভিযান চলাই এটি হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ৰাজ্যত প্ৰতিদিনে গঁড় হত্যা, হাতীৰ মৃত্যু হৈ অহাৰ সময়তে বনবিভাগে অভিযান চলাইকন্দলী পাহাৰৰ আহুতলী বনাঞ্চলত৷

কঠিয়াতলী বন বিষয়াৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন্দুকটো। বন বিভাগে সন্দেহ কৰা মতে আহুতলী বনাঞ্চলত চোৰাং চিকাৰীয়ে থিতাপি লৈ আছিল৷ বন বিভাগৰ লোক অহাৰ উমান লাভ কৰি বন্দুক এৰি চোৰাং চিকাৰী পলায়ণ কৰা বুলি সন্দেহ কৰে বন বিভাগে।

জানিব পৰা মতে, বৃহস্পতিবাৰে বনাঞ্চল খনত পহৰা দিব যোৱা বন কৰ্মীক প্ৰত্যক্ষ কৰি বন্দুক এৰি পলায়ণ কৰা চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বন বিভাগে৷ হস্তনিৰ্মিত বন্দুকটো উদ্ধাৰ কৰে বন বিভাগে।