
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
বাইহাটা চাৰিআলিঃ আৰক্ষী থানাৰ সমীপতে মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কামৰূপৰ চাংসাৰিত৷
জানিব পৰা মতে, একাংশ লোকে বৃহস্পতিবাৰে কামৰূপ জিলাৰ চাংসাৰি থানাৰ সমীপতে এইমচ নিৰ্মাণস্থলীত অচিনাক্ত মৃতদেহ প্ৰত্যক্ষ কৰে৷
স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে উদাধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ প্ৰায় ৪৫ বছৰীয়া জেকেট আৰু লংপেন্ট পৰিহিত লোকজনৰ মৃতদেহ চিনাক্ত কৰিবৰ বাবে ৭২ ঘন্টা মৰ্গত ৰখাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।