
হোজাইঃ হোজাই জিলাৰ যমুনামুখৰ শংকৰদেৱ বিদ্যা নিকেতনত কবি সন্মিলনৰ যমুনামুখ সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আৰু "কবিতাৰ এদিন" শীৰ্ষক কবি সন্মিলন যোৱা ২৭ ডিচেম্বৰত অনুষ্ঠিত হৈ যায়।
কবি সন্মিলনৰ সভানেত্ৰী মিনতি দেৱী কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাত শাখা সমিতিৰ বিষয়-ববীয়াই কাৰ্যভাৰ গ্ৰহণ কৰে৷ অহা ২৩ জানুৱাৰীত কবি সন্মিলনে ঐতিহাসিক ৰহঢ়লা থানৰ পথাৰত এখন কবি সন্মিলন অনুষ্ঠিত কৰাৰ প্ৰস্তাব গ্ৰহণ কৰে৷
আনহাতে "কবিতাৰ এদিন" শীৰ্ষক কবিতা অনুষ্ঠানত কবি ধন মেধি, অনুপ্ৰভা বৰা, মহেশ্বৰ মেধি, কাবেৰী বৰা, বন্দনা দাস, প্ৰাণজিৎ বৰা কপিলী পৰীয়া, যমুনামুখ কবি সন্মিলনৰ সম্পাদক প্ৰাণজিৎ বৰা কপিলীপৰীয়া, পংকজ শৰ্মা, অৰুণ চন্দ্ৰ বৰা, মাধব চন্দ্ৰ বৰা, ডম্বৰু শইকীয়া আৰু মিনাৰাম বৰা, তপন কুমাৰ নগঞা উপস্থিত থাকি কবিতা পাঠ কৰে৷