
আমগুৰিঃ আগতে বোলো পকা ৰাস্তা দেখা নাই আমি৷ ধূলি-বালি হৈ আছিল৷ ভাবিছিলো ধূলি-বালি নোহোৱা হ’ব৷ পকা ৰাস্তাটো হ’ব বুলি ভাবিছিলো কিন্তু এতিয়া দেখোন লৰা-ছোৱালীয়ে বিস্কুটৰ দৰে এৰুৱাইছে এইবোৰ৷ এনেকৈ ৰাস্তা বনাই নে৷ কি হৈছে নাজানো দে৷ এনেকৈয়ো ৰাস্তা বনাই নে৷ এনেদৰে ক্ষোভ জাহিৰ কৰে একাংশ মহিলাই৷
শিৱসাগৰ জিলাৰ আমগুৰিৰ ৬১নং ৰাষ্ট্ৰীয় ঘাই পথ-চেউনি আলি গড়কাপ্তানি পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ ফলত নিৰ্মাণৰ পিছতে চকলা-চকলে পকী বোৰ এৰি যাব ধৰাত এনেদৰে ক্ষোভ ব্যক্ত কৰে ৰাইজে৷ পি এম জি এছ ৱাই আঁচনিৰ অধীনত প্ৰায় ডেৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিাণ কৰি থকা প্ৰায় তিনি কিঃ মিঃ দৈৰ্ঘ্যৰ পথটো দেখিলে চকু কপালত উঠিব৷ আনহাতে আন এগৰাকী জ্যেষ্ঠ লোকে পথটোৰ বৰ্ণানা দি কয় "পকা কঁঠালৰ দৰে ঢপ ঢপ কৰা, তিল পিঠাৰ দৰে নুৰিয়াব পৰা পথ"।
নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে পথটোক ধূলি-বালিৰ ওপৰত বিটুমিন চটিয়াই পকী কৰাৰ ফলত পথটোৰ পকী সমূহ এৰি যাবলৈ আৰম্ভ কৰা অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে৷ শিৱসাগৰৰ ঠিকাদাৰ বিনোদ কুমাৰ শইকীয়াই ব্যাপক অনিয়মেৰে নিৰ্মান কৰা এই পথটো আমগুৰি সমষ্টিৰ মিত্ৰ জোটৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ বাসগৃহৰ সন্মুখেৰে গৈ সমীপৰ ৬ খনকৈ গাঁৱক সংযোগ কৰে।
কিন্তু নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ পিছতো স্থানীয় বিধায়কজনে এইক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে। বিশেষকৈ দিছপুৰত গাদী দখল কৰি থকা সৰ্বানন্দ সোণোৱাল চৰকাৰখনে যি সময়ত দুৰ্নীতি ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে সেই সময়তে কিন্তু বিধায়কৰ নিজৰ জন্মভূমিৰে নিৰ্মিয়মান পথত সংঘটিত অনিয়ম চিন্তাৰ কাৰণ হৈ পৰিছে।
সৰ্বানন্দ সোণোৱাল চৰকাৰখনে যিমানেই দুৰ্নীতি বিৰুদ্ধে কঁকালত টঙালী নাবান্ধক কিয়, একাংশ জনপ্ৰতিনিধিয়ে কিন্তু ঠিকাদাৰ আৰু বিভাগীয় বিষয়াৰে মিলি এনেদৰেই লুটিবলৈ আৰম্ভ কৰিছে ৰাইজৰ ধন।