পঞ্চায়তত শিক্ষাগত অৰ্হতা, সাধাৰণ জাতিক বৈষম্য, কলিতা জনগোষ্ঠীৰ ক্ষোভ

ৰঙিয়া/মৰিগাঁওঃ পঞ্চায়ত নিৰ্বাচন খেলিবলৈ শিক্ষাগত অৰ্হতা সন্দৰ্ভত ৰাজ্য চৰকাৰে লোৱো কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে কলিতা জনগোষ্ঠীৰ কেইবাটাও সংগঠনে ক্ষ্ষোভ ব্যক্ত কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে৷ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে ৰাজ্য চৰকাৰে বাধ্যতামূলক কৰা শৈক্ষিক অৰ্হতা সন্দৰ্ভত কলিতা তথা সমগ্র সাধাৰণ জাতিৰ প্ৰতি বৈষম্য কৰাৰ অভিযোগত শুকুৰবাৰে ৰঙিয়া-মৰিগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা সংগঠনে৷

মৰিগাঁও জিলা কলিতা জনগোষ্ঠী সন্মিলনে মৰিগাঁও চহৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে। আনহাতে ৰঙিয়াত মুখ্যমন্ত্ৰী, পঞ্চায়ত মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে কলিতা ছাত্ৰ সন্থাই৷ ৰাজ্য চৰকাৰে শিক্ষাগত অৰ্হতাহীন কোনো লোকে পঞ্চায়ত নিৰ্বাচনত খেলিব নোৱাৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি৷ জিলা পৰিষদৰ সদস্য হ’বলৈ স্নাতক ডিগ্ৰী লগতে আঞ্চলিক পঞ্চায়ত-গাঁও পঞ্চায়তৰ সভাপতি হ’বলৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগিব৷

আনহাতে পঞ্চায়তৰ সদস্যৰ বাবে অষ্টম শ্ৰেণীলৈকে পঢ়া হ’ব লাগিব বুলি ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে কেবিনেটত সিদ্ধান্ত লয়৷ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীক সামান্য ৰেহাই দিয়ে৷ কলিতা জনগোষ্ঠীৰ ক্ষেত্ৰতো এই নিয়ম প্ৰযোজ্য হোৱাত ক্ষোভিত হৈ পৰিছে কলিতা ছাত্ৰ সন্থা৷ কেবিনেটৰ সিদ্ধান্তই পঞ্চায়ত নিৰ্বাচনত থিয় দিয়াৰ ক্ষেত্ৰত কলিতা জনগোষ্ঠীৰ লোকসকলৰ ক্ষতি হ’ব বুলি কয়৷

কিয়নো ৰাজ্যৰ অন্যতম সৰ্ব বৃহৎ জনগোষ্ঠী কলিতা জনগোষ্ঠীৰ লোকসকল অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ লোক নহয় সেয়েহে এই জনগোষ্ঠীৰ লোকসকলক অন্যায় কৰা হ’ব বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷ অসম চৰকাৰৰ ঘোষণাৰ পিছতে শুকুৰবাৰে ৰঙিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে কলিতা জনগোষ্ঠীৰ সংগঠনটোৱে।

ৰঙিয়া আঞ্চলিক সমিতিৰ উদ্যোগত ৰঙিয়া হৰদত্ত বিৰদত্ত ভৱনৰ সন্মুখত প্ৰতিকৃতি দাহ কৰি মুখ্যমন্ত্ৰী মুৰ্দাবাদ, গ্ৰাম্য উন্নয়ণ মন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদস্থলী কঁপাই তোলে। প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় উপ-সভাপতি ভাস্কৰ কলিতা, ৰঙিয়া আঞ্চলিক সমিতিৰ সভাপতি অমৰ কলিতা সম্পাদক ব্ৰজেন কলিতা উপস্থিত থাকে।