NRCৰ খচৰা, ভাৰতীয়ৰ নাম বাদ নপৰে, আইন ভংগ নকৰাৰ আহ্বান ৰঙিয়া প্ৰশাসনৰ

ৰঙিয়াঃ শুকুৰবাৰে ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয় প্ৰাংগনত প্ৰশাসনে NRC সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰে। এনআৰচিৰ খচৰা প্ৰকাশৰ বাবে মাথো কেইটামান ঘন্টা বাকী থকা অৱস্থাত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নাগৰিকৰ সৈতে আলোচনা কৰে প্ৰশাসনে৷ ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত ৰঙিয়াৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি, ছাত্ৰ সংগঠনৰ প্ৰতিনিধি, জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে।

এন আৰ চিৰ খচৰা প্ৰকাশ সন্দৰ্ভত আৰু পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰা হয়। সভাত উপস্থিত থকা লোকসকলে নিজৰ মতামত দাঙি ধৰাৰ লগতে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনিন্দ্ৰ বৰদলৈয়ে এন আৰ চি সম্পৰ্কত চৰকাৰে দিয়া নিৰ্দেশ সমুহৰ বাখ্যা আগবঢ়ায়। মহকুমাধিপতিগৰাকীয়ে এন আৰ চিত কোনো ভাৰতীয় নাগৰিকৰ নাম বাদ নপৰে বুলি স্পষ্ট কৰে। অহা ৩১ ডিচেম্বৰত প্ৰকাশ পাবলগীয়া প্ৰথমখন খচৰাৰ তালিকাত কোনো ব্যক্তিৰ নাম বাদ পৰিলেও ভয় খোৱাৰ কোনো কাৰণ নাই৷

যি সকলৰ নাম বাদ পৰে সেইসকল ভাৰতীয় নাগৰিকৰ নাম পৰৱৰ্তী তালিকাত অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত বুলি বৰদলৈয়ে অৱগত কৰে। আনহাতে সভাখনত উপস্থিত থাকি ৰঙিয়া মহকুমা আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ পেগুৱে এন আৰ চিৰ প্ৰথমখন তালিকা প্ৰকাশ পোৱাৰ পিছত সকলোৱে যাতে আইন শৃংখলা বজাই ৰাখে তাৰ আহ্বান জনাই৷ মহকুমাধিপতিগৰাকীয়ে এন আৰ চি সম্পৰ্কত সভাত হোৱা আলোচনা সমূহ জনসাধাৰণ মাজলৈ লৈ যোৱাৰ আহ্বান জনায়৷

ৰঙিয়া মহকুমাধিপতিৰ অধিনত বিশেষকৈ কমলপুৰ আৰু ৰঙিয়াত ১৪টাকৈ এন আৰ চি কেন্দ্ৰৰ লগতে কঞা ৰাজচক্ৰৰ অধিনত চাৰিটা কেন্দ্রত এক জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা জানুৱাৰী মাহটোৱে সকলো লোকে নিজৰ নিজৰ নাম পৰীক্ষা কৰিব পাৰিব বুলি মহকুমা প্ৰশাসন জানিবলৈ দিয়ে।

ৰঙিয়া মহকুমা প্ৰশাসনে এন আৰ চি ক্ষেত্ৰত মৰাণজানা পঞ্চায়ত, ডিমু পঞ্চায়ত, বৰদল পঞ্চায়ত, আৰিমত্ত পঞ্চায়ত, বড়িগোগ পঞ্চায়ত, হৰদত্ত পঞ্চায়ত, বিৰদত্ত পঞ্চায়ত, চেপ্তি পঞ্চায়ত, বৈদ্যগড় পঞ্চায়ত, পদূমকুৱৰী পঞ্চায়ত, মধুকুছি পঞ্চায়ত, ৰঙিয়া পৌৰসভা (ক) ৰঙিয়া পৌৰসভা (খ) আৰু বিচেন্নালা পঞ্চায়ত, কমলপুৰৰ বাবে গুয়া পঞ্চায়ত, পুঠিমাৰী পঞ্চায়ত, সোণাপুৰ পঞ্চায়ত, কমলপুৰ পঞ্চায়ত, বাইহাটা পঞ্চায়ত, বৰশিল পঞ্চায়ত, গোপেশ্বৰ পঞ্চায়ত, কৰাৰা পঞ্চায়ত, বিহধিয়া পঞ্চায়ত, শিঙাৰপাৰা পঞ্চায়ত, আগদলা পঞ্চায়ত, মান্তাকাটা পঞ্চায়ত, লোচ পঞ্চায়ত, জটীয়াভাঙৰা পঞ্চায়ত আৰু হাজো সমষ্টিৰ অধিনত ধুহি পঞ্চায়ত, বালিসত্ৰ পঞ্চায়ত, কঞা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় (ক) কঞা ৰাজচক্ৰ বিষয়াৰ কাৰ্য্যালয় (খ)ত এক জানুৱাৰীৰত তালিকা প্ৰকাশ পাব।

ইয়াৰ উপৰও ৰাজ্য চৰকাৰৰ এন আৰ চি বিভাগে প্ৰকাশ কৰা ৱেব চাইড সমূহৰ জৰিয়তে, মোবাইলত নিজৰ নাম আগতিয়াকৈ পঞ্জীয়ন কৰি মেচেজৰ জৰিয়তেও নিজৰ নাম চাব পাৰিব বুলিও মহকুমাধিপতিগৰাকীয়ে সভাখনত উল্লেখ কৰে। সভাত ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়া এমলি বৰুৱা, কঞা ৰাজহ চক্ৰ বিষয়া নয়না দাস, কমলপুৰ ৰাজহ চক্ৰ বিষয়া বেদান্ত তালুকদাৰ উপস্থিত থাকে।