উত্তৰ পূৱক নীতিন গাডকাৰীৰ ১ লাখ কোটি, ব্ৰহ্মপুত্ৰত ৫ নতুন দলং, গুৱাহাটীত ৰিং ৰোড

কাজিৰঙাঃ কেন্দ্ৰীয় চৰকাৰে অসমক দিলে ১ লাখ কোটি টকাৰ পেকেজ৷ শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ১ লাখ কোটি টকা দিয়াৰ কথা ঘোষণা কৰে৷ উত্তৰ পূৱ ভ্ৰমণলৈ অহা কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে শুকুৰবাৰে মাজুলীৰ উন্নয়ণৰ ৰূপৰেখা তৈয়াৰ কৰাৰ বাবে মাজুলীত উপস্থিত হয়৷

মাজুলীৰ উন্নয়ণৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰাৰ বাবে পৰ্যবেক্ষণ কৰে মাজুলীক৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে একেলগে মাজুলীৰ পৰা পৱন হংস হেলিকাপ্তাৰ যোগে কাজিৰঙাত উপস্থিত হয় গাডকাৰীয়ে৷

উত্তৰ পূৰ্বাঞ্চলৰ পথ-যোগাযোগৰ উন্নয়ণৰ ক্ষেত্ৰত কাজিৰঙাত ৫ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৈতে আন আন প্ৰতিনিধিৰে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ বৈঠক অনুষ্ঠিত হয়৷ কাজিৰঙাৰ বৰগছ ৰিজৰ্টৰ সভাগৃহত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিং, ৰাজ্যৰ গড়কাপ্তানী পৰিমল শুক্ল বৈদ্য, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, কৃষিমন্ত্ৰী অতুল বৰা, পৰিবহন চন্দ্ৰ মোহন পাটোৱাৰী, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ৰাতুল বৰা, প্ৰশান্ত ফুকন, মুখ্য সচিব পিপাৰচেনীয়া সহ আঁঠ খন ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰী উপস্থিত থাকে৷

ম্যানমাৰ, বাংলাদেশ আৰু চীনক সাঙুৰি উত্তৰ পূৱৰ মুল পথ উন্নীত কৰিবৰ বাবে এক লাখ কোটি টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে গাডকাৰীয়ে৷ অৰুণাচলক ২৫ হাজাৰ কোটি টকা, মণিপুৰৰ বাবে ২২ হাজাৰ কোটি টকা দিয়াৰ কথা কয়৷ অহা এটা বছৰৰ ভিতৰত ৩৫ হাজাৰ কিঃ মিঃ পথ পকীকৰণ কৰাৰ কথা চিন্তা কৰা বুলি কয়৷ চীন, বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে সম্পৰ্ক স্থাপনৰ বাবে এই পেকেজ প্ৰদান কৰা বুলি কয়৷ ১ লাখ কোটি নতুন বছৰৰ উপহাৰ হিচাপে দিয়া বুলি কয় গাডকাৰীয়ে৷ ব্ৰহ্মপুত্ৰ ওপৰত নতুন ৫ খন দলং৷

গুৱাহাটীত ৰিং ৰোড সজাবলৈ চিন্তা কৰা বুলি কয়৷ সমস্ত পেকেজে উত্তৰ পূৰ্বাঞ্চলক যঠেষ্ট আগুৱাই নিব বুলি কয়৷ কেইবাগৰাকী মুখ্যমন্ত্ৰী, অভিযন্তা, ঠিকাদাৰও বৈঠকত উপস্থিত থাকে৷ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু আৰু মনিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙে উপস্থিত থকা বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালে পূৰ্বৰ চৰকাৰবোৰৰ দিনত ৰাজ্যত মুখ্যমন্ত্ৰীসকলে কেন্দ্ৰীয় মন্ত্ৰীক লগ ধৰিবলৈ দিল্লীত বাহৰ পাতিব লাগিছিল বুলি কয়।

কিন্তু নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ দিনত কেন্দ্ৰীয় মন্ত্ৰী আহি উপস্থিত হৈছে ৰাজ্যত৷ আনহাতে উন্নয়ণৰ বতৰা লৈ মুখ্যমন্ত্ৰী সোণোৱালে লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চল দেশৰ ভিতৰতে প্ৰচুৰ সম্ভাৱনা থকা অঞ্চল। উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ যাতয়াত পৰিকল্পনা উন্নীত কৰিবৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলি কয়৷ দেশৰ ভিতৰতে উন্নত ৰাজ্যলৈ উন্নীত কৰাৰ হ’ব বুলি কয়৷ উত্তৰ পূৱৰ প্ৰচিৰ সম্ভৱনা থকা পিছতো উত্তৰ পূৱ পিছপৰি থকা বুলি কয়৷

উত্তৰ পূৱক আগবঢ়াই নিবলৈ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ বাবে আঁচনি হাতত লোৱা বুলি কয়৷ অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে সংবাদ মাধ্যমৰ লোকৰ সৈতে মুখামুখি হয়৷ অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক কয় যে সমগ্র উত্তৰ-পূৱৰ যাতায়ত ব্যৱস্থা উন্নয়ণ কৰাৰ বাবে গাডকাৰীৰ সপোনে উত্তৰ-পূৱক বহু আগবঢ়াই নিব। সম্ভাৱনা থকা উত্তৰ-পূৱ দেশৰ আগশাৰীৰ ৰাজ্যলৈ পৰিণত হোৱাটো ধূৰূপ বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।