
জাজৰিঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত কুজিদাহ নিবাসী জ্যেষ্ঠ নাগৰিক একাদশ বৰাৰ নিজ বাসভৱনত মৃত্যু হয়।
১০৭ বছৰত অঞ্চলটোৰ লোকগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে কুজিদাহস্থিত বাসগৃহ অগণন গুনমুগ্ধৰে ভিৰ পৰে।
মৰমীয়াল, ধাৰ্মীক, সৰলমনৰ একাদশ বৰাই মৃত্যুৰ সময়ত ২জন পুত্র, ১গৰাকী বোৱাৰী, ৩গৰাকী কন্যা, ১জন জোৱাই, কেইবাটিও নাতি-নাতিনী আৰু বহু আত্মীয়ক এৰি থৈ যায়।
বাৰ্ধক্যজনীত কাৰণত মৃত্যু হোৱা বৃদ্ধাগৰাকীৰ বিয়োগত জাজৰি প্ৰেছ ক্লাৱ, সোনাইপৰীয়া কবি সন্মিলন, হাতীচোং অঞ্চলৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে।