আনন্দৰাম বৰুৱা একাডেমীৰ হোষ্টেলৰ পৰা কলৈ গ’ল ৰেস্মিতা

পাঠশালাঃ মই পাঠশালা থানাক হাতযোৰ কৰিছো মোৰ ছোৱালীটো যাতে বিহিত ব্যৱস্থা লৈ উলিয়াই দিয়ে৷ এগৰাকী পিতৃয়ে এতিয়া হাতত এখন ফটো লৈ হাহাকাৰ কৰি ঘুৰি ফুৰিছে বৰপেটা জিলাৰ পাঠশালাত৷ মহানগৰীৰ জালুকবাৰীৰ ৫ নং ওৱাৰ্ডৰ শ্বৰীফ উল্লাৰ বৰ কন্যা ৰেস্মিতা বেগমক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰাৰ সপোন দেখিছিল৷

যাৰ বাবে সৰুৰে পৰা কন্যাৰ পঢ়া-শুনাত গুৰুত্ব প্ৰদান কৰিছিল৷ ৰেস্মিতাই মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ পিছত ৰাজ্যৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান বৰপেটা জিলাৰ আনন্দৰাম বৰুৱা একাডেমীত নাম লগাই দিছিল৷ এবছৰ পূৰ্বে শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰাই দি হোষ্টেলত থকাৰ ব্যৱস্থা কৰি দিয়ে৷ যোৱা এটা বছৰে হোষ্টেলত থাকি ভালদৰে পঢ়া শুনা কৰি আছিল যদিও যোৱা ৫ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হয় যুৱতীগৰাকী৷

যুৱতীগৰাকীয়ে হোষ্টেলৰ পৰা কলেজলৈ যাম বুলি ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হয়৷ এগৰাকী ছাত্ৰীয়ে হোষ্টেলৰ পৰা ওলাই নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৰপেটা জিলাত৷ বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা আৰু বৰপেটা চহৰত আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ লোক গিজ গিজাই থকাৰ সময়তে দিন দুপৰতে ছাত্ৰী নিৰুদ্দেশ হোৱাৰ ঘটনাই প্ৰশ্নৰ উদ্ৰেক হৈছে৷

পাঠশালা আৰক্ষী চকীত শ্বৰীফ উল্লাই নিৰুদ্দেশ সম্পৰ্কত গোচৰ ৰুজু কৰে যদিও আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে পিতৃয়ে৷ পিতৃয়ে এতি নিজ কন্যাৰ ফটো হাতত লৈ বৰপেটা চহৰত কন্যাৰ সন্ধান বিচাৰি ব্যাকুল হৈ ঘুৰি ফুৰিছে৷ উচ্চতৰ মাধ্যমিকৰ কলা শাখৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল৷