
নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰক’লাত শনিবাৰে বিষ্ণুৰ দ্বিতীয় অৱতাৰ ৰূপী কাছ এটা একাংশ লোকে উদ্ধাৰ কৰে৷
বিলুপ্তপ্ৰায় এটা হাৰিয়া নৈত মাছ মাৰি থাকোতে মুকুন্দ বৰদলৈ নামৰ এজন স্থানীয় লোক এজনে উদ্ধাৰ কৰে কাছটো৷
লোকজনে খবৰটো স্থানীয় ৰাইজক অৱগত কৰে৷ স্থানীয় ৰাইজে নগাঁও বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক আহি কাছটো চমজি লয়৷