ৰঙিয়াত পথ দুৰ্ঘটনা, উচ্চ শিক্ষিত যুৱকৰ মৃত্যু, শোকৰ ছাঁ

ৰঙিয়াঃ ৰঙিয়াৰ মৰাণজানাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ শনিবাৰে পথ দুৰ্ঘটনাত এজন উচ্চ শিক্ষিত যুৱকৰ থিতাতে মৃত্যু হোৱাত শোকৰ ছাঁ পৰে৷ জানিব পৰা মতে, AS-01-DA-3961 নম্বৰৰ পালচাৰেৰে ৰঙিয়া অভিমুখে আহি থকা অৱস্থাত গিয়াছুদ্দিন নামৰ যুৱকজনক অচিনাক্ত বাহনে খুন্দিওৱাৰ ফলত মৃত্যু হয়৷

বাইক চলাই আহি থকা অৱস্থাত মৰাণজানাৰ চক বজাৰৰ সমীপত পিছফালৰ পৰা একে অভিমুখে আহি থকা আন এখন গাড়ীয়ে খুন্দা মৰাৰ ফলত যুৱকজন পথত বাগৰি পৰাত খুন্দিওৱা গাড়ী খনৰে চকা দেহৰ ওপৰেৰে উঠি যোৱাত যুৱকজনৰ থিতাতে মৃত্যু হয়।

ঘটনা সংঘটিত কৰিয়ে গাড়ীখন পলায়ন কৰে। গিয়াছুদ্দিন নামৰ যুৱকজনে ৰঙিয়া মহাবিদ্যালয়ৰ পৰা স্নাতকত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰত পঞ্চম স্থান দখল কৰাৰ উপৰিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰত সপ্তমস্থান দখল কৰিবলৈ সক্ষম হৈছিল।

ৰঙিয়াৰ দুখন ব্যক্তিগত জুনিয়ৰ কলেজত শিক্ষকতা কৰি থকাৰ লগতে ৰঙিয়া মহাবিদ্যালয়টো কেইমাহমানৰ বাবে ঠিকা ভিত্তিত শিক্ষাদান কৰি আছিল৷ মেধাসম্পন্ন যুৱকজনৰ ৰঙিয়াত শোঁকৰ ছাঁ পৰে।