
গুৱাহাটীঃ বিশিষ্ট চিন্তাবিদ, সমাজ সচেতক তথা newsnextone.comৰ মুখ্য সম্পাদক ড০ দীনেশ বৈশ্যৰ দুখনকৈ গ্ৰন্থ অহা ৩ জানুৱাৰিত গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হ’ব৷
‘বিপন্ন দেশ কাল সমাজ’ আৰু ‘একলব্যৰ পৰা ৰোহিত ভেমুলালৈ’ শীৰ্ষক দুখন গ্ৰন্থ বিশিষ্ট চিন্তাবিদ ড০ হীৰেণ গোহাঁই, জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, প্ৰশান্ত ৰাজগুৰু আৰু বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৰ উপস্থিতিত উন্মোচন কৰা হ’ব৷

newsnextone.com-এ প্ৰকাশ কৰি উলিওৱা গ্ৰন্থ দুখনত দেশ তথা ৰাজ্যৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক আৰু শৈক্ষি সংকট আৰু দেশৰ দৰিদ্ৰ কৃষক -শ্ৰমিকৰ ভয়ানক দুৰাৱস্থাৰ এখন প্ৰতিচ্ছবি দাঙি ধৰাৰ চেষ্টা কৰা হৈছে বুলি জানিবলৈ দিয়ে ড০ দীনেশ বৈশ্যই৷
আনহাতে newsnextone.comৰ প্ৰতিষ্ঠাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাকমুহূৰ্তত কেইবাটাওঁ পদক্ষেপ হাতত লৈছে৷ মুখ্য সম্পাদক ড০ দীনেশ বৈশ্যৰ গ্ৰন্থ প্ৰকাশ কৰাৰ উপৰিও ৰাজ্য খনৰ চিন্তাৰ নায়ক, অসমীয়া জাতিৰ সংকটৰ মুহূৰ্তত বটবৃক্ষ হৈ থিয় দিয়া ড০ হীৰেণ গোহাঁইক গ্ৰন্থ উন্মোচনী সভাত বিশেষ ভাৱে সম্বৰ্ধনা জনাব newsnextone.com-এ৷