গ্ৰীটিংচ কাৰ্ড, উভতাই দিয়া পুৰণি দিন বোৰ

ওদালগুৰিঃ ইংৰাজী নৱবৰ্ষ আৰু গ্ৰীটিংচ কাৰ্ড যেন দুয়োৰে যেন আছিল এক এৰাব নোৱাৰা সম্পৰ্ক৷ তাহানিতে নৱেম্বৰ মাহৰ পৰা দোকানত লাইন লাইন কৈ গ্ৰীটিংচ কাৰ্ড সমূহ ওলোমাই ৰখা হৈছিল৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ডেকা-গাভৰুৱে জাক পাতি আপোনজনক দিবলৈ ভালৰ ভাল লগা গ্ৰীটিংচ কাৰ্ড খন বিছাৰি চলাধ কৰিছিল৷  গাভৰুসকলে লুকুৱাই লৈ গৈছিল আপোন জনৰ বাবে কিনা গ্ৰীটিংচ কাৰ্ড খন৷ ঘৰলৈ গৈ পৰিয়ালৰ লোকৰ ভয়ত লুকুৱাই থৱ লগা হয়৷

নৱবৰ্ষৰ এদিন পূৰ্বে আপোনজনক যেনেকৈয়ে নহওঁক গ্ৰীটিংচ কাৰ্ড খন দিবলৈ এটুকুৰা ঠাইত লগ কৰিবৰ বাবে যাব লগা হৈছিল৷ নতুবা সযতনে ৰখা গ্ৰীটিংচ কাৰ্ড খন আনৰ হাতত হলেও দি পঠিয়াব লগা হৈছিল৷ গ্ৰীটিংচ খন কিনাৰ পিছত তাত কি লিখিব তাক লৈয়ো গভীৰ উৎকন্ঠা হৈছিল ডেকা-গাভৰুৱে৷ গ্ৰীটিংচ কাৰ্ড খন মানে অনাবিল আনন্দ৷

গ্ৰীটিংচ কাৰ্ড খন আছিল এক বান্ধোন৷ নতুন সংকল্প৷ পুৰণিক পাহৰি নতুনক আদৰাৰ চিন স্বৰূপ৷ নবৱৰ্ষৰ শুভেচ্ছাৰে প্ৰেৰণ কৰা গ্ৰীটংচ কাৰ্ড খনত আছিল মিঠা অনুভৱ৷ আপোন জনৰ গ্ৰীটিংচ খনৰ বাবে বহু গাভৰুৱে ৰৈ থাকে পদুলিমুখত৷ কিন্তু এতিয়া কোনো গাভৰুৱে জানো পদুলিমুখত ৰৈ আছেনে৷ তেনে কথাবোৰ এতিয়া বিস্মৃতি হ’ল৷

গ্ৰীটিংচ কাৰ্ড নাই বজাৰত৷ দোকানত ভিৰ নাই গ্ৰীটিংচ কাৰ্ডৰ বাবে৷ ডেকা-গাভৰুৰ তাহানিৰ গ্ৰীটিংচ কাৰ্ডৰ বাবে নাই কোনো উৎসাহ৷ তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুুগত সময় বোৰ সলনি হ’ল৷ চছিয়েল মিডিয়াই সকলো সলনি কৰিলে৷ আপোনজনক সকলো সময়তে অনলাইনত পোৱা হলো৷ ইচ্ছা গলেই শুভেচ্ছা দিব পাৰো৷ ইচ্ছা গলেই মনৰ কথা কব পৰা হলো৷

তাহানিৰ সেই দিনবোৰ মিঠা স্মৃতি হল৷ পৃথিৱীখন এখন গাঁও হ’ল৷ ফেচবুক, ৱাটচএপ আমাক বহু ওচৰ চপাই আনিলে সচাঁ কিন্তু তাহানিৰ কথাবোৰ স্মৃতি হৈ ৰল৷ নৱবৰ্ষলৈ মাজত মাথো এটা দিন বাকী। ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে নতুন বছৰক আদৰাৰ ব্যাপক প্ৰস্তুতি। ২০১৭বৰ্ষটোৱে বিদায় লোৱাৰ লগে লগে বহু আশা প্ৰত্যাশা লৈ আগমন ঘটিব ২০১৮ বৰ্ষৰ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত নতুন বৰ্ষটোক আদৰাৰ বাবে আৰম্ভ হৈছে জাক জমকীয়া আয়োজন। সমানে আৰম্ভ হৈছে নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ উৎসাহ উদ্দীপনা।

আজিৰ পৰা প্ৰায় এটা দশক পূৰ্ৱে নৱবৰ্ষত এজনে আনজনক শুভেচ্ছা জনোৱাৰ অন্যতম উপায় আছিল গ্ৰীটিংচ কাৰ্ডসমূহ। ডিচেম্বৰ মাহৰ মাজভাগৰ পৰাই প্ৰিয় তথা আপোনজনক নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে বজাৰত উভয়নদীহৈ পৰে এই গ্ৰীটিংচ কাৰ্ডসমূহ।

গ্ৰাহকে এই কাৰ্ডসমূহ ক্ৰয় কৰি কৰি তাত নতুন বৰ্ষৰ শুভেচ্ছাৰ বাণী লিখি  আপোনজনলৈ প্ৰেৰণ কৰে। ফলত উক্ত সময়ত এই গ্ৰীটিংচ কাৰ্ডসমূহৰ চাহিদা আছিল উৰ্দ্ধগামী। কিন্তু এতিয়া সময় সলনি হ'ল। নৱবৰ্ষৰ শুভেচ্ছা বিলাবলৈ প্ৰয়োজন নোহোৱা হ'ল গ্ৰীটিংচ কাৰ্ড কিম্বা চিঠি-পত্ৰৰ। ৰাজ্যৰ চহৰ-গাঁৱত নাই গ্ৰীটিংচ কাৰ্ড কিনাৰ বাবে গ্ৰাহকৰ ভিৰ।

কিয়নো এতিয়া আধুনিকতাৰ যুগ। এতিয়া এই গ্ৰীটিংচ কাৰ্ডৰ স্থান দখল কৰিলে মোবাইলটোৱে। মোবালইত সংলগ্ন ৱাটচএপ, ফেচবুক কিম্বা মেচেঞ্জাৰৰ দৰে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আজিকালি আদান প্ৰদান কৰা হয় নৱবৰ্ষৰ শুভেচ্ছা বাণী।

কন কন শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ বনিতালৈ সকলোৱে নিজৰ মোবাইল ফোনটোৱে আপোনজনক জনাই নৱবৰ্ষৰ অলেখ শুভেচ্ছা। যেন আধুনিকতাৰ জাক জমকতাৰ মাজতে নিৰৱে কৰবাত হেৰাই গ'ল তাহানিৰ সেই গ্ৰীটিংচ কাৰ্ডখন। গ্ৰীটিংচ কাৰ্ডখন এতিয়া যেন হৈ পৰিল অতীতৰ সেই জীপাল স্মৃতি।