৩০ ঘন্টাৰ মূৰকত উদ্ধাৰ হ’ল ১৭ বছৰীয়া অংকুৰৰ মৃতদেহ

পাঠশালাঃ শনিবাৰে বজালীৰ পহুমাৰা নৈৰ পাৰত বনভোজ খাবলৈ আহি পহুমাৰা নৈত নিৰুদ্দেশ হোৱা ছাত্ৰ জনৰ মৃতদেহ দেওবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়  প্ৰশাসনে৷ বজালীৰ পহুমাৰা চাপৰিত বনভোজ খাবলৈ আহি পহুমাৰা নৈত পিছলি পৰি নিৰুদ্দেশ হৈছিল ১৭ বছৰীয়া অংকুৰ ৰয় নামৰ যুৱকজন।

পাঠশালাৰ ডুমুৰীয়াৰ তথা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল অংকুৰ। সমনীয়াৰ সৈতে শনিবাৰে নৈ খনৰ পাৰত বনভোজৰ আনন্দ উলাহ কৰি থকাৰ সময়তে নৈত পিছলি পৰি লগা লগে ডুব গৈছিল৷ সমনীয়াই চিঞৰ-বাখৰ কৰাত একাংশ লোক আহি উদ্ধাৰৰ চেষ্টা চলাই যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল৷

পিছত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে এছডিআৰএফৰ সহায়ত উদ্ধাৰৰ চেষ্টা চলাই যদিও দেওবাৰে হে উদ্ধাৰ কৰিবলৈ সক্ষম হয় মৃতদেহ৷ ইফালে মৃতদেহ উদ্ধাৰৰ পিছতে পৰিয়ালৰ লোকৰ কান্দোনত নৈৰ পাৰত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়৷ SDRF বাহিনীয়ে পহুমাৰা নৈত উদ্ধাৰ কৰে অংকুৰৰ মৃতদেহ। ছাত্ৰ জনৰ অকাল মৃত্যুত বাজালীত শোক ছাঁ পৰে৷