‘মিছন তেজস্বী’ৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই

বিহালীঃ এনিমীয়া তথা ৰক্তহীনতা ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে ‘মিছন তেজস্বী’ নামৰ এখন আঁচনি৷ মিছন তেজস্বীৰ জৰিয়তে আমাৰ ৰাজ্যখনত এনিমীয়াত ভোগা লোকক সহায় কৰাৰ চেষ্টা চলাব চৰকাৰে৷ এই ৰোগত আক্ৰান্ত বহু শিশু আৰু গৰ্ভৱতী মহিলাই উপযুক্ত চিকিৎসা লাভ কৰিবলৈ সক্ষম নহয়৷ ৰক্তহীনতা আৰু ইয়াৰ বাবে হোৱা বিভিন্ন ৰোগৰ বাবে জন্মৰ পিছত বহু শিশু আৰু গৰ্ভৱতী মহিলা মৃত্যুমুখত পৰে৷

ৰাজ্যখনত এনে মৃত্যু ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা ‘মিছন তেজস্বী’ আঁচনি শনিবাৰে বিহালী প্ৰাথমিক চিকিৎসা কেন্দ্ৰত শুভৰাম্ভ কৰে বিহালী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্তই।

কাৰ্যসূচীত বিহালী প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ নাৰ্ছ, আশাৰ চুপাৰভাইজাৰ, বিহালী প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক ডাঃ দীপক কুমাৰ বিশ্বাসী উপস্থিত থাকে। আচঁনি খন ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো ১ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব। আঁচনিৰ জৰিয়তে ভাৰত বৰ্ষক এনিমীয়া মুক্ত কৰাৰ লক্ষ্য কৰা হৈছে বুলি কয় মন্ত্ৰী দত্তই৷ বিহালীৰ বিভিন্ন ঠাইত সুস্বাস্থ্যৰ বাবে যোগাসনৰ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি কয় দত্তই।