চাবুৱাত ইটা ভাটাই বিপদ মাতিছে জনজীৱনলৈ, শুই আছে মুখ্যমন্ত্ৰীৰ জিলাৰ প্ৰশাসন

চাবুৱাঃ দেশৰ ৰাজধানী নতুন দিল্লীত কিছুদিন পূৰ্বে প্ৰদুষণ তথা কলা ধোৱাই ছানি ধৰাত সমগ্ৰ দিল্লী চহৰখনতে বিভিন্ন বেমাৰ-আজাৰৰ লগতে চহৰবাসীৰ মাজত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছিল৷ তাৰ পিছতে দিল্লী চৰকাৰে ইয়াৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল দিল্লী চৰকাৰে যাতে প্ৰতিবছৰে সন্মুখীন হোৱা প্ৰদুষণৰ পৰা ৰক্ষা পায় ৰাজধানীবাসীয়ে৷ দিল্লীৰ ঘটনাৰ পৰা কিন্তু অলপো শিক্ষা নললে আমাৰ ৰাজ্য চৰকাৰে । কিয়নো এতিয়াও ৰাজ্যখনৰ বিভিন্ন অঞ্চলত গঢ়ি উঠা ইটা ভাটাই অঞ্চলসমূহৰ জনজীৱনলৈ কঢ়িয়াইছে প্ৰচণ্ড ভাবুকি৷

উদাহৰণ স্বৰূপে ডিব্ৰুগড় জিলাৰ চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত ১৮ টা ইটা ভাটা ৷ ইটা ভাটাই অঞ্চলবাসীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই অঞ্চলটোৰ কদমণি, আমগুৰি-পোলোঙা, উদালগুৰি, কপৌহুৱা, বিলঙনী আদি বিভিন্ন অঞ্চলৰ ইটাভাটাসমূহে চুড়ান্ত অন্যায়-অনিয়মেৰে সকলো নীতি-নিয়ম জলাঞ্জলি দি ইটা প্ৰস্তুত কৰি থকাৰ পিছতো জিলা প্ৰশাসনে সকলো দেখিও নেদেখাৰ ভাওঁ ধৰা বিষয়টোৱে অঞ্চলটোত সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য, ২৮ ডিচেম্বৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ চাবুৱা আঞ্চলিক সমিতিয়ে চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। লগতে সংগঠনটোৱে পোলোঙা-লেংৰাই মৌজাৰ লগতে চাবুৱা অঞ্চলটোত অবৈধভাৱে চলি থকা মাটি খনন খনন কাৰ্য বন্ধ কৰা, লেংৰাই মৌজাত অবৈধভাৱে চলি থকা ইটাভাটা বন্ধ কৰা , পুলুঙা আৰু লেংৰাই মৌজাত আদিবাসী লোকসকলে ভোগ দখল কৰা মাটিৰ পট্ৰা প্ৰদান কৰাৰ লগতে শিশু শ্ৰমিক আৰু সুৰা বন্ধ কৰাৰ দাবীত আছাই  চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰদান কৰে।

লক্ষণীয় যে, মৌজা দুটাত অবৈধভাৱে মাটি খনন কাৰ্য চলি থকাত বৃহৎ আকাৰৰ পুখুৰীসদৃশ গাঁত সৃষ্টি হোৱাত বিগত বৰ্ষত ছাত্ৰ ছাত্ৰীৰ লগতে কেইবাজনো ব্যক্তি এই পুখুৰীসমূহত পৰি মৃত্যু হ'বলগীয়া হৈছে । ইফালে ইটা ভাটা সমূহে কোনো নীতি-নিয়ম নামানি, আইন ভংগ কৰি এখোপ ওপৰত গৈ য'তে-ত'তে মাটি কাটি , ৰাজহ ভূমি কটি তহিলং কৰিব ধৰিছে । অঞ্চলটোৰ পথাৰসমূহত মুকলিকৈ ডাম্পাৰ-জে চি বিৰে মাটি কাটি ইটাভাটাসমূহলৈ মাটি নি দিনে-নিশাই ইটা প্ৰস্তুট কৰি ব্যৱসায় অব্যাহত ৰাখিছে। সংগঠনটোৱে পোলাঙা আৰু লেংৰাই মৌজাৰ গাঁও সমূহত অবৈধভাৱে চলি থকা মাটি খনন বন্ধ কৰাৰো দাবী জনায়।