
নগাঁওঃ এখুজি-দুখুজিকৈ ধৰালৈ নামি আহিছে শীত৷ তাৰ সমান্তৰালকৈ গ্ৰামাঞ্চলৰ পথাৰে পথাৰে বিয়পি পৰিছে সজলধৰা ধানৰ সোণালী আভা৷ তাতে আকৌ সোণত সুৱগা চৰাইছে পোহৰৰ উৎসৱ দীপাৱলীৰ জাকজমকতাই৷ পৰিণতিত চৌপাশে কেৱল দেখা গৈছে অপাৰ আনন্দ-উল্লাসৰ ঢল৷
এনে এক প্ৰাণোজ্জ্বল পৰিৱেশৰ মাজতে কৃষিজীৱি লোকৰ বুকুৰ আপোন খেতি পথাৰ শস্য শ্যামলা হোৱাৰ কামনাৰে আজি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাবাসী লোকসকলেও উৎসাহ-উদ্দীপনাৰে পালন কৰিলে কাতি বিহু৷ তদনুযায়ী আগ চোতালৰ তুলসীজোপাৰ তলত আৰু খেতি পথাৰত গৃহিনীয়ে চাকি-বন্তি জ্বলাই সেৱা আগবঢ়োৱাৰ বিপৰীতে এই বিহুৰ আনুষাংগিক পৰম্পৰা হিচাপে কৃষিভূমিত লহপহকৈ বাঢ়ি অহা ধাননিডৰাত কৃষকে জ্বলালে আকাশ-বন্তি৷

বিগত বৰ্ষত প্ৰতিকূল বতৰৰ বাবেই ধানখেতি সুকলমে কৰিব নোৱাৰা অধিকাংশ নগঞা কৃষকে পৰম্পৰাগতভাবে কাতি বিহু পালন কৰিব পৰা নাছিল৷ কিন্তু এইবেলি তেনে বেদনাদায়ক পৰিস্থিতিৰ উদ্ভৱ নোহোৱাত নগঞা ৰাইজে সুকলমে আজি ব্যাপক ওলহ-মালহেৰে কাতি বিহু পালন কৰা দেখা গ’ল৷
জিলাখনৰ সকলোতে পূৰ্ব-পৰম্পৰা অনুসৰি গঞাই থোৰ মেলা তথা গেৰ ধৰা ধানেৰে লহপহীয়া হৈ পৰা ধাননি পথাৰত অনিষ্টকাৰী পোক-পতংগৰ পৰা শস্য ৰক্ষা কৰিবলৈ চোৱা গছৰ ডাল পুতি আৰু জাকে জাকে যুৱক-যুৱতীৰ দল পথাৰলৈ গৈ হাঁহি-ধেমালিৰ মাজেৰে ৰবাব টেঙা খাই তাৰ বাকলিবোৰ ঠন ধৰি উঠা ধাননিডৰালৈ দলিয়াই দি আনন্দত আত্মহাৰা হৈ পৰে৷
তদুপৰি বয়োজ্যেষ্ঠসকলে সেউজীয়া ধাননি পথাৰৰ মাজে মাজে মাহ-শৰাই, চাকি-বন্তি দিয়াৰ লগতে আকাশ-বন্তি লগাই অনাগত দিনবোৰ ধনে-ধানে ভৰি পৰা তথা সুখ-শান্তি বিৰাজমান হোৱাৰ কামনাৰে প্ৰাৰ্থনা জনায় ঈশ্বৰৰ ওচৰত৷ আনকি কণ কণ শিশুসকলেও সন্ধিয়া তুলসীৰ তলে তলে নাম গাই আনন্দ-স্ফুৰ্তিত মতলীয়া হৈ পৰা দৃশ্যই এক সুকীয়া পৰিবেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয়৷