
newsnextone.com | ওদালগুৰিঃ মুখ্যমন্ত্ৰী, মন্ত্ৰী-বিধায়কে বাৰে বাৰে শূন্য সহনশীলতাৰ কথা কৈ আহিলেও একাংশ বিষয়া-কৰ্মচাৰী, মণ্ডলে টকা খাবলৈ এৰা নাই সাধাৰণ লোকৰ পৰা৷ ওদালগুৰি জিলাৰ টংলাস্থিত হৰিশিঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটি নামজাৰি কৰাৰ নামত টকা লোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ তাৰ মাজতে এগৰাকী মণ্ডলে মুকলিকৈ ধন লোৱা দৃশ্য বন্দী হৈছেল কেমেৰাত।
কাৰ্যালয়টোৰ নমল চন্দ্ৰ দৈমাৰী নামৰ লাট মণ্ডল এজনে কোনো অজ্ঞাত লোকৰ পৰা মাটি নামজাৰিৰ নামত দহ হাজাৰ টকা লৈছিল৷ ভিডিঅ’টো মতে পূৰ্বে ১০ হাজাৰ টকা আদায় লোৱাৰ লগতে ভিডিঅ'টো কৰাৰ সময়ত দহ হাজাৰ লোৱাৰ কথা উল্লেথ আছে। এই সন্দৰ্ভত স্থানীয় একাংশ সাংবাদিকে কাৰ্যালয়টোত উপস্থিত হোৱাত বিষয়টো সন্দৰ্ভত অভিযুক্ত মণ্ডলগৰাকীক প্ৰশ্ন কৰাত কাৰ্যালয়টোৰ বিভিন্ন জনে এই ধন লবলৈ বাধ্য কিয়নো এই ধনৰ ভাগ যায় একাংশ ঊৰ্দ্ধতম বিষয়ালৈ বুলি কয়।
লগতে তেওঁ এগৰাকী অতিৰিক্ত উপায়ুক্তৰ নাম উল্লেখ কৰি তেওঁকো ধনৰ ভাগ দিব লাগে বুলিও উল্লেখ কৰে৷ বাতৰি সংবাদ মাধ্যমত ২৭জুনত বিস্তৃতভাৱে প্ৰচাৰ হৈছিল। ইয়াৰ পাছত কাৰ্যালয়টোৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া ৰিতুত্তম বৰাক সাংবাদিকে বিষয়টো সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ বিষয়টো সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰি কৈছিল যে যদি এনেকুৱা ঘটনা সংঘটিত হৈছে তেন্তে দোষীয়ে উপযুক্ত শাস্তি লাভ কৰিব আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ কথাও জানিবলৈ দিছিল।
লগে লগে ঘটনাটো সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰাৰ কথা জিলা প্ৰশাসনে সাংবাদিকক অৱগত কৰিছিল। সোমবাৰে বিটিচিৰ ভূমি আৰু ৰাজহ বিভাগৰ এক পত্ৰ যোগে অভিযুক্ত মণ্ডল নমল চন্দ্ৰ দৈমাৰীক নিলম্বন কৰা হয়। লগতে বিষয়টোৰ তদন্ত অব্যাহত ৰখাৰ কথা উল্লেখ কৰে। এতিয়া প্ৰশ্ন হয় এই ঘটনাৰ আঁৰত নাম উচ্চাৰিত হোৱা বিষয়াসকল তদন্তৰ আওতালৈ আহিবনে? নে পুঠি-খলিহনাক শাস্তি প্ৰদানেৰে তদন্তৰ নাটকখন ভেকোভাঁওনা হ’ব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হব।