
ৰঙিয়াঃ বিটিএডিৰ অবড়ো লোকসকলৰ বাবে সংগ্ৰাম কৰি অহা অবড়ো সুৰক্ষা সমিতিয়ে দেওবাৰে বিটিএডিৰ বাক্সা জিলাৰ কাউৰবাহাত এখন বিশাল গণ সমাবেশৰ আয়োজন কৰে৷
দেওবাৰে পুৱাৰে পৰা বিটিএডিৰ বিভিন্ন প্ৰান্তৰ পৰা কাউৰবাহাত সমবেত হোৱা কেইবা সহস্ৰাধিক লোকৰ সন্মখত ভাষণ প্ৰদান কৰি অবড়ো সুৰক্ষা সমিতি সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতাই বিটিচি চুক্তিক তথাকথিত আখ্যা দিয়ে৷ ইমানে নহয় বিটিচি চুক্তিৰ জৰিয়তে বিটিএডিৰ সকলো জাতি-জনগোষ্ঠীক সম অধিকাৰ আৰু সম উন্নয়ন সুনিশ্চিত কৰা হ’ব বুলি যি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেয়া আজি সুদূৰপৰাহত বুলি কয় কলিতাই৷
বিটিএডিত বৰ্তমান ২২ লক্ষ লোক অসুৰক্ষিত বুলি কৈ কলিতাই কয়, বিটিচিৰ শাসকবৰ্গই আজি কেৱল বড়োসকলৰ উন্নয়ন কৰিবলৈ গৈ ২২ লক্ষ অনা বড়োলোকৰ সকলো অধিকাৰ হৰণ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে৷
বিটিচি কৰ্তৃপক্ষৰ এনে স্বৈৰাচাৰী ব্যৱস্থাৰ বিৰুদ্ধে এইবেলি শেষ ৰণত অৱতীৰ্ণ হ’ব অবড়ো সুৰক্ষা সমিতি৷ দৰকাৰ হ’লে হাগ্ৰামা মহিলাৰীৰ গুলী বুকু পাতি ল’বলৈ সাজু ২২ লক্ষ অনা-বড়োলোক৷
সংগঠনটোৰ সভাপতি সূৰজ জামান চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত সমাবেশত কলিতাই আৰু কয়, আমি বিটিএডিত বড়োসকলৰ সৈতে ভাইৰ দৰে থাকিবল বিচাৰো৷ কিন্ত তাৰ অৰ্থ এইটো নহয় যে অনা-বড়োলোকসকলে বিটিএডিত দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে জীৱন যাপন কৰিব৷ বড়োসকলৰ উন্নয়নৰ নামত অনা-বড়োসকলৰ উন্নয়ন বাধাগ্ৰস্থ কৰি তোলা কাৰ্যক কোনোপধ্যে মানি লোৱা নহ’ব৷
হাগ্ৰামা মহিলাৰীৰ বিপিএফ আৰু এবছু একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি বুলি কটাক্ষ কৰি কলিতাই হাগ্ৰামা মহিলাৰীৰ পৰা টকা লৈ এবছুৱে দিল্লীত গৈ বডোলেণ্ডৰ দাবীত আন্দোলন কৰে বুলি অভিযোগ উত্থাপন কৰে৷ এবছুক বডোলেণ্ডৰ দাবী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাই বিটিএডিত অনা-বড়োলোকৰ সকলো প্ৰকাৰৰ অধিকাৰ খৰ্ব কৰা হৈছে বুলি কয় কলিতাই৷ শেহতীয়াকৈ কেবিনেট সিদ্ধান্তৰ জৰিয়তে অনা-বড়োলোকৰ ভূমিৰ অধিকাৰ বিটিচি কৰ্ত্তৃপক্ষই কাঢ়ি ল’ব বিচাৰিছে বুলিও অভিযোগ উত্থাপন কৰে৷
শৰীৰত শেষ বিন্দু তেজ থকালৈকে হাগ্ৰামা মহিলাৰীৰ নিকৃষ্ট ষড়যন্ত্ৰ কোনো কাৰণতে সফল হ’বলৈ দিয়া নহ’ব স্পষ্ট কৰি ২০১৯ৰ লোকসভা নিৰ্বাচনত অবড়ো সুৰক্ষা সমিতিয়ে কোনো কাৰণতে হীৰা শৰণীয়াক প্ৰাৰ্থীত্বক সমৰ্থন নজনাই বুলি ঘোষণা কৰে যোগেশ্বৰ কলিতাই৷ হীৰা শৰণীয়াই বিটিএডিৰ ২২ লক্ষ অনা-বড়োলোকৰ আশা আাকাংক্ষাৰ তিলমানো পূৰণ কৰিব নোবাৰিলে বুলি আক্ষেপ কৰে৷
গণ সমাবেশত অংশগ্ৰহণ কৰি কনচৰিটিয়াম অৱ কোচ ৰয়েল ফেমিলিচ চমুকৈ কনকৰ্ফৰ সম্পাদক প্ৰণৱ নাৰায়ণ দেৱে কোঁচ ৰাজবংশীসকলহে অসমৰ ভূমিপুত্ৰ , বড়োসকল অসমৰ ভূমিপুত্ৰ কোনো কাৰণতে হ’ব নোৱাৰে বুলি কয়৷ দেৱে বড়ো নেতৃত্বক তেওঁলোক কি যুক্তিত অসমৰ ভূমিপুত্ৰ সেয়া প্ৰমান কৰিবলৈ সমাবেশত প্ৰত্যাহ্বান জনায়৷ ৰাষ্ট্ৰসংঘৰ নিয়মাৱলী মতেই বড়োসকল অসমৰ ভূমিপুত্ৰ নহয় বুলি উল্লেখ কৰে দেৱে৷
বিটিচি চুক্তিখন অনতিবিলম্বে ভংগ কৰাৰ বাবে দাবী উত্থাপন কৰি যিসকলে কেকেৰীকুছিত নৰসংহাৰ চলালে, গুবাহাটী, বঙাইগাঁৱত বোমা বিস্ফোৰণ ঘটাই নিৰীহ লোকৰ প্ৰাণ কাঢ়ি ল’লে সেইসকলকে এতিয়া অসমৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে বীৰ বুলি পুৰস্কৃত কৰি প্ৰত্যেককে ৫ লাখকৈ টকা দিব বিচাৰিছে৷ ইয়াতকৈ আৰু জঘন্য অমানৱীয় কাম কি হ’ব পাৰে বুলি প্ৰশ্ন কৰে দেৱে৷
গণ সমাবেশত বিটিএডি নাগৰিক অধিকাৰ সংগ্ৰাম সমিতিৰ নেতা তথা জ্যেষ্ঠ সাংবাদিক জমছেৰ আলী, অধিবক্তা হবিবৰ ৰহমান, অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা হৰেশ্বৰ বৰ্মন, কলিতা জনগোষ্ঠী সন্মিলনৰ নেতা প্ৰমোদ কলিতাই ভাষণ প্ৰদান কৰি বডোলেণ্ড দাবীৰ ঘোৰ বিৰোধিতা কৰে৷
গণ সমাবেশত অনতিবিলম্বে বডোলেণ্ডৰ দাবী প্ৰত্যাহাৰৰ লগতে বিটিএডিৰ পৰা অনা-বড়ো গাওঁসমূহ কৰ্তন কৰাৰ বাবে দাবী জনাই ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সিদ্ধান্ত লোৱা হয়৷ অনাগত দিনত এবছু আৰু এনডিএফবিৰ নেতৃত্বৰে চৰকাৰৰ প্ৰস্তাৱিত আলোচনাসমূহত অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বকো চামিল কৰাৰ বাবে সমাবেশে দাবী উত্থাপন কৰে৷ তদুপৰি অসমৰ চাৰিসীমাৰ ভিতৰত 'বডোলেণ্ড' শব্দতো নিষিদ্ধ কৰিবলৈ সমাবেশে চৰকাৰক দাবী জনায়৷