ফেচবুকৰ ফটোৱে আপোনালৈ মাতিব পাৰে বিপদ!

ডিজিটেল ডেস্কঃ হলীডে বুলিলেই ভাল লগা ঠাইলৈ এপাক। তাৰ পিছত ফেচবুকত ধুনীয়া ধুনীয়া বিভিন্ন এংগলৰ ফটোৰ ভিৰ। আৰু ফটো আপলোড কৰা মাত্ৰকে লাইক, কমেণ্টৰ বান।

পিছে এতিয়া সাৱধান। আপোনাৰ এই ফেচবুক প্ৰীতিয়ে মাতি আনিব পাৰে বিপদ। এই ভাল লগা ফটোৰ বাবেই আপোনাৰ দুৱাৰত আহি টুকুৰিয়াব পাৰে আয়কৰ বিভাগৰ কৰ্মচাৰীয়ে। কিয়নো ফেচবুকত আপুনি আপলোড কৰা অৱসৰ বিনোদনৰ ফটোৰ ওপৰতো এতিয়াৰে পৰা চকু দিব আয়কৰ বিভাগে। 

অহা মাহৰ পৰাই নৰেন্দ্ৰ মোদী চৰকাৰে আৰম্ভ কৰিব এই নতুন পদক্ষেপ। দেশৰ নাগৰিকসকলৰ আয় আৰু ব্যায়ৰ মাজত সামঞ্জস্য আছে নে নাই সেয়া চাবলৈকে এতিয়াৰে পৰা কেৱল মাত্ৰ বেংক একাউণ্টৰ বিষদ তথ্যই নহয়, চকু দিয়া হ’ব ছ’চিয়েল নেটৱৰ্কিং একাউণ্টৰ ওপৰতো।

এই সকলোৰে পৰা পোৱা তথ্য বিশ্লেষণ কৰি ইনকাম টেক্স ডিক্লেৰেশ্যনত অসামঞ্জস্য আছে নে নাই সেয়া পৰীক্ষা কৰিব। এই নতুন পদ্ধতি অনুযায়ী অফিছ বা ঘৰত পৃথক পৃথককৈ আয়কৰ বিভাগে আৰু অভিযান চলাবলগীয়া নহ’ব।

ইয়াৰ বাবে প্ৰায় এহাজাৰ কোটি টকা খৰছ কৰি যোৱা ৭ বছৰৰ গৱেষণা আৰু পৰীক্ষা-নীৰিক্ষাৰ অন্তত সাজু কৰি তোলা হৈছে 'প্ৰজেক্ট ইনছাইট’।

বিশ্বৰ বৃহত্তম বায়’মেট্ৰিক আইডেণ্টিটি ডাটাবেছৰ সহায়ত যিসকলে আয়কৰ ফাকি দি আহিছে সেইসকলক এতিয়া অতি সহজেই ধৰা পেলোৱাতো সম্ভৱ হৈ উঠিব বুলি আয়কৰ বিভাগৰ শীৰ্ষ বিষয়াসকলে আশা প্ৰকাশ কৰিছে।