
ধিংঃ নগাঁও জিলাৰ ধিংত প্রকাণ্ড ৰভাতলীত ছাত্ৰ-ছাত্ৰ, শিক্ষক। আপুনি ৰভাতলী প্ৰত্যক্ষ কৰি ভাবিব পাৰে বিবাহৰ এই আয়োজন। তেন্তে আপুনি ভুল ভবিব কিয়নো প্রকাণ্ড ৰভাতলীত দৰাও কইনাও নাই। আছে বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্রী।
পিছে এই সকল ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়ত্রীয়ে বিদ্যালয় এৰি ৰভাতলীত কিয়? দ্বিতীয় পৰ্যায়ৰ গুনোৎসৱ উপলক্ষে ৰাজ্যৰ ১২ খনকৈ জিলাৰ বিদ্যালয়সমূহ এতিয়া ন-ৰূপেৰে সজাই তোলা হৈছে। জুৰীয়া প্রাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত এখন জৰাজীৰ্ণ বিদ্যালয়ত বৰ্তমানে জলমগ্ন হৈ থকাত ওখ ঠাইত ৰভা দি গুণোৎসৱ অনুষ্ঠিত কৰিব লগা হয়।
অৱশ্যে ৰভাতলীত তেওঁলোকেও পাতিছে এক বিশেষ উৎসৱ। জুৰিয়া প্রাথমিক শিক্ষা খণ্ডৰ অধীনৰ মেলেকাধিং মুকুণ্ডঅাটী প্ৰাথমিক বিদ্যালয়। ১৯৮৫ চনতে স্থাপন কৰা বিদ্যালয়খনৰ উন্নয়ণ আজিলৈ নহ’ল৷ এটা জৰাজীৰ্ন ঘৰতে পাঠদান কৰিবলগীয়া হৈছে শিক্ষক সকলে। বিদ্যালয়খনৰ চৌহদত বছৰটোৰ প্ৰায় খিনি সময় জলমগ্ন হৈ থাকে।
অাজিলৈকে বিদ্যালয় খনৰ উন্নয়নৰ বাবে চৰকাৰে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে। সেয়ে গুনোৎসৱৰ বাবে অন্য এখন বিদ্যালয়ৰ খেল পথাৰতে ৰভা পাতি অায়োজন কৰিছে গুনোৎসৱ৷ পিছে এনেধৰনৰ বিদ্যালয়সমূহত গুনোৎসৱ পাতি শিক্ষা বিভাগ তথা শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি গুনাগুন লাভ কৰিব? সেয়া আজিৰ দিনত এক ডাঙৰ প্রশ্ন হিচাপে চৰ্চিত হৈছে।