
ধুবুৰীঃ ২০১৭ বৰ্ষৰ অন্তিমটো দিন ৩১ ডিচেম্বৰৰ মাজনিশা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সম্বন্বয়কৰ কাৰ্যালয়ত ৰাজ্যবাসীৰ বাবে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ আৰু মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই এনআৰচিৰ প্ৰথমখন খচৰা প্ৰকাশ কৰাৰ পিছৰে সোমবাৰে পুৱাৰে পৰা সেৱা কেন্দ্ৰ সমূহত মানুহৰ ভিৰ পৰিলক্ষিত হয়৷ ধুবুৰী জিলাৰ এন আৰ চি সেৱা সেৱা কেন্দ্ৰ সমূহতো খচৰা তালিকাত নিজৰ নাম চাবলৈ মানুহে হেতা-ওপৰা লগোৱা পৰিলক্ষিত হয়৷

ধুবুৰী জিলাৰ গৌপুৰৰ, পানবাৰী গাঁও পঞ্চায়তৰ এন আৰ চি সেৱা কেন্দ্ৰত পুৱাৰে পৰা ৰাইজে ঘৰৰ পৰা ওলাই আহি খচৰাত নিজৰ নাম আছ নে নাই পৰীক্ষা কৰি আহিছে৷ পানবাৰী গাঁও পঞ্চায়তৰ এন আৰ চি সেৱা কেন্দ্ৰতো শান্তিপূৰ্ণভাবে খচৰা তালিকা ৰাইজে চোৱাচিতা কৰি গৈছে পুৱাৰে পৰা৷ খচৰা তালিকাত দুই এটা ভুল আছে বুলি ৰাইজে কয় যদিও চূড়ান্ত তালিকাত এই ভুলৰ শুধৰণি হ’ব বুলি কয় ৰাইজে৷
পানবাৰীৰ এল আৰ চি আৰে জানিবলৈ দিয়া মতে শান্তিপূৰ্ণভাবে ৰাইজে নিজ নিজৰ নাম পৰীক্ষা কৰি যোৱা বুলি কয়৷ স্থানীয় আমছুৱে খচৰা তালিকাৰ পৰা নাম চাই দিয়াত ৰাইজক সহায় কৰা দেখা যায়৷ আমছুৱে খচৰা তালিকাৰ ভুল শুধৰণিৰ বাবে এমাহৰ পৰিবৰ্তে দুমাহৰ সময় বিছাৰে৷ আশাৰীকান্দি গাঁও পঞ্চায়ততো ৰাইজে খচৰা তালিকা পৰীক্ষা কৰি থকা দেখা যায়৷
গৌৰীপুৰৰ এআই ইউ ডি এফৰ বিধায়ক নিজানুৰ ৰহমানৰ এন আৰ চিৰ খচৰাত নাম অহা নাই৷ কিন্তু বিধায়কগৰাকীয়ে তেওঁ নিজে হতাশ নহয় বুলি কৈ ৰাইজকো হতাশ নহবলৈ আহ্বান জনায়৷ বিধায়কগৰাকীয়ে এই খন আংশিক খচৰা তালিকা বুলি হে কয়৷ সকলো ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিত ওলাব গতিকে চিন্তাৰ কোনো কাৰন নাই বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক নিজানুৰে৷ বিধায়কগৰাকীৰ কন্যাৰ নাম প্ৰকাশ পাইছে যদিওঁ তেওঁৰ নিজৰ নাম নাই বুলি কৈ বিধায়কগৰাকীয়ে ভাৰতীয় নাগৰিকক শংকিত নহবলৈ আহ্বান জনায়৷