ওদালগুৰি জিলাৰ ৪৫টা কেন্দ্ৰত দীঘলীয়া শাৰী, নিশা নাছিল আৰক্ষীৰ পহৰা

ওদালগুৰিঃ ২০১৭ বৰ্ষৰ পাৰ হৈ গ’ল যদিও অসমীয়া জাতিক দি থৈ গ’ল এক স্বৰ্ণিল ইতিহাস৷ ২০১৭ বৰ্ষৰ অন্তিমটো দিন অৰ্থাৎ ৩১ ডিচেম্বৰৰ মাজনিশা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সম্বন্বয়কৰ কাৰ্যালয়ত ৰাজ্যবাসীৰ বাবে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ আৰু মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই এনআৰচিৰ প্ৰথমখন খচৰা প্ৰকাশ কৰে৷ সোমবাৰে পুৱাৰে পৰা ৰাজ্যৰ সেৱা কেন্দ্ৰ সমূহত মানুহে কৰা পৰিলক্ষিত হয়৷ উজনি-নামনিৰ প্ৰায় ২৫০০ সেৱা কেন্দ্ৰত মানুহে নিজৰ নাম আছে নাই পৰীক্ষণ কৰা পৰিলক্ষিত হৈছে৷

ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে পুৱাৰে পৰা ওডালগুৰি জিলাৰ বিভিন্ন সেৱা কেন্দ্ৰত ৰাইজৰ দীঘলীয়া শাৰী দেখা যায়৷ ওদালগুৰি জিলাৰ ৪৫টা এনআৰচি সেৱা কেন্দ্ৰত মুঠ ১,৮৬,৫৬০খন প-পত্ৰৰ বিপৰীতে ৬,১১,০৩৮গৰাকী লোকৰ নাম প্ৰকাশ পাই প্ৰথম খন খচৰাত। ওদালগুৰি চহৰৰ মূল চাৰিটা এনআৰচি সেৱা কেন্দ্ৰৰ ওদালগুৰি সেৱা কেন্দ্ৰত ১২,০৯৩ গৰাকী, মোহনপুৰ সেৱা কেন্দ্ৰত ৫,১১৭ গৰাকী, কাজিয়ামাটি সেৱা কেন্দ্ৰত ৪,২৯৪ গৰাকী আৰু ইকৰাবাৰী সেৱা কেন্দ্ৰত ২,৬৩৯ গৰাকী লোকৰ নাম প্ৰকাশ পাইছে।

আনহাতে প্ৰতিটো সেৱা কেন্দ্ৰৰ অন্তৰ্গত গাঁওসমূহৰ ভিতৰত ওদালগুৰি সেৱা কেন্দ্ৰৰ ছয়টা ৱাৰ্ডত মুঠ ৮,২০৭ গৰাকী, খাংখালাবাৰীত ৪৫০ গৰাকী, নলবাৰীৰ ৪৭৮ গৰাকী, ভেৰগাঁৱৰ ১,৪০১ গৰাকী, হাপাগাঁৱৰ ৫৭০গৰাকী, ৰঙামাখাৰ ২৫৪ গৰাকী আৰু মনপুৰৰ ৩৬৯ গৰাকী লোকৰ নাম প্ৰকাশ পাইছে। একেদৰে কাজিয়ামাটি সেৱা কেন্দ্ৰ অন্তৰ্গত গাঁওসমূহৰ ৰাণীপুখুৰীত ১,২৩৪ গৰাকী, চাপমাৰীত ৫৩৬গৰাকী, মেধিপাৰাত ৫৬০গৰাকী, হাজাৰাগাঁৱত ৩১৯গৰাকী, সদ্মপুখুৰীত ৪৪০ গৰাকী, ১নং যোৰপুখুৰীত ৬২৪গৰাকী, ২নং যোৰপুখুৰীত ৪২৬গৰাকী আৰু দৈপামবড়ী গাঁৱত ১৫৫ গৰাকী লোকৰ নাম প্ৰকাশ পাইছে।

ইফালে ইক্ৰাবাৰী সেৱা কেন্দ্ৰত পুৱাৰ পৰাই দেখা গ'ল ৰাইজৰ দীঘলীয়া শাৰী। কেন্দ্ৰটোৰ অন্তৰ্গত সিধাখোৱা গাঁৱৰ ৫৮৬গৰাকী, ফাকিদিয়া গাঁৱৰ ১০৪৬ গৰাকী, ইক্ৰাবাৰী গাঁৱৰ ৭৪৩গৰাকী আৰু ঢিপবিচাৰা গাঁৱৰ ২৬৪ গৰাকী লোকৰ নাম প্ৰকাশ পাই। চহৰখনৰ অতি স্পৰ্শকাতৰ হিচাপে পৰিগণিত মোহনপুৰ এনআৰচি সেৱা কেন্দ্ৰত পুৱাৰে পৰা দেখা গ'ল কটকটীয়া নিৰাপত্তা বেষ্টনী। কেন্দ্ৰটোৰ অন্তৰ্গত লাউডং গাঁৰ ১,০০৩ গৰাকী, শিৱপুৰ গাঁৱৰ ১,২৯১ গৰাকী, ভুটুনীডুবা গাঁৱৰ ৫৯৫ গৰাকী, সোনাৰীপাৰা গাঁৱৰ ৫৯১ গৰাকী, কুপতিমাৰী গাঁৱৰ ৭৪০গৰাকী আৰু মোহনপুৰ গাঁৱৰ ৮৯৭ গৰাকী লোকৰ নাম এনআৰচিৰ প্ৰথম খচৰাত প্ৰকাশ পাই।

উল্লেখ্য যে চহৰখনৰ ওদালগুৰি এনআৰচি সেৱা কেন্দ্ৰত ৰাইজৰ উপস্থিতি সেৰেঙা হোৱা পৰিলক্ষিত হোৱাৰ বিপৰীতে সংখ্যালঘু অঞ্চলত অন্তৰ্গত মোহনপুৰ, কাজিয়ামাটি আৰু ইক্ৰাবাৰী এনআৰচি সেৱা কেন্দ্ৰসমূহত ৰাইজৰ দীঘলীয়া শাৰী প্ৰত্যক্ষ কৰা দেখা যায়। পুৱাৰে পৰা চহৰখনত খচৰা প্ৰকাশৰ কাম শান্তিপূৰ্ণৰূপে চলি আছে। বাতৰি লিখা সময়লৈ কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই বুলি জানিব পৰা গৈছে।

আনহাতে ৩১ ডিচেম্বৰৰ নিশা নতুন বছৰত নৈশ পাৰ্টি আৰু মাজ নিশা এনআৰচিৰ খচৰা প্ৰকাশৰ সময়তে ৰাজ্যৰ আন আন জিলাত আৰক্ষী সস্তম হৈ আছিল যদিও ওদালগুৰি চহৰত আৰক্ষী দেখা পোৱা হোৱা নাছিল বুলি অভিযোগ উত্থাপন হৈছে৷ ওদালগুৰি চহৰত নিশা নিমাওমাও পৰিবেশ হৈ আছিল যদিও নিৰাপত্তাৰক্ষী দেখিবলৈ পোৱা যোৱা নাছিল৷