
কোকৰাঝাৰঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অহা ৩১ ডিচেম্বৰৰ প্ৰকাশ পাবলগীয়া এনআৰচিৰ খচৰা বড়ো ভাষা অন্তৰ্ভূক্তিকৰণৰ দাবী উত্থাপন কৰিছে এবছুৱে। এবছুৰ উপ-সভাপতি দ্বীপেন বড়ো আৰু এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীৰ নেতৃত্বত এবছুৰ এটি সঁজাতি দলে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি এনআৰচিৰ খচৰাত বড়ো ভাষা ব্যৱহাৰ কৰিবলৈ দাবী উত্থাপন কৰে।
এবছুৰ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে সদৰি কৰা মতে ৰাজ্যিক সমন্বয়কগৰাকীয়ে ইতিপূৰ্বে অকল অসমীয়া, ইংৰাজী, বেংগলী ভাষাতহে খচৰা প্ৰস্তুতৰ নিদেৰ্শনা জাৰি কৰিছিল।
বড়ো ভাষা যিহেতু সংবিধানৰ অষ্টম অনুসূচীভুক্ত ভাষা আৰু এনআৰচিৰ প্ৰ-পত্ৰ পুৰণ কৰোতে বড়ো ভাষা ব্যৱহাৰ কৰা হৈছিল সেয়েহে এনআৰচিৰ খচৰা প্ৰস্তুতৰ সময়তো বড়ো ভাষা ব্যৱহাৰ কৰিবলৈ দাবী জনোৱাত ৰাজ্যিক সমন্বয়কগৰাকীয়ে বড়ো ভাষা ব্যৱহাৰত সন্মতি প্ৰকাশ কৰে আৰু প্ৰয়োজন অনুসৰি কৰ্মচাৰী নিযুক্তি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা বুলি সদৰি কৰিছে এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে।
এবছু সদায়ে নিদিষ্ট সময়ৰ ভিতৰত ক্ৰটিমুক্ত এনআৰচিৰ সপক্ষে আৰু তাৰ বাবে সদায় সহযোগিতা অব্যাহত থাকিব বুলিও মন্তব্য কৰিছে এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে।