
newsnextone.com | গুৱাহাটীঃ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত আৰম্ভ হৈছিল এনআৰচিৰ উন্নীতকৰণৰ কাম। বিভিন্ন সময়ত তৰুণ গগৈয়ে আমি কৰিছিলোঁ এনআৰচিৰ কাম বুলি কৈ আহিছে। সোমবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে গগৈয়ে এয়া আমাৰ চিন্তাৰ ফল বুলি কয়। এআনআইক দিয়া সাক্ষাতত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নাগৰিকপঞ্জী হৈছে আমাৰ চিন্তাৰ ফল বুলি কয়।
The NRC is my brainchild. There was no such demand in the state, there was nothing even in the Assam Accord about the setting up of NRC.During the Congress regime, there were objections that multiple illegitimate people were given the right to vote,that is why the NRC was set up.
— Tarun Gogoi (@tarun_gogoi) July 30, 2018
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় "নাগৰিকপঞ্জী হৈছে আমাৰ চিন্তাৰ ফল। ৪০ লাখ মানুহ যাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকে চিন্তা কৰিব নালাগে।তেওঁলোকে সুযোগ পাব। অসমত থকা বিদেশীৰ সংখ্যা বাচি উলিয়াবৰ বাবেই এনআৰচি কৰা হৈছে। যেতিয়ালৈকে আমাৰ নাম ভোটাৰ তালিকাত থাকিব তেতিয়ালৈকে আমি ভাৰতীয় নাগৰিক।"
উল্লেখ্য যে, সোমাবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা ওলাই পৰে।