
নগাঁওঃ ২০১৭ বৰ্ষৰ অন্তিমটো দিন অৰ্থাৎ ৩১ ডিচেম্বৰৰ মাজনিশা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ গুৱাহাটী ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত ৰাজ্যবাসীৰ বাবে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ আৰু মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই এনআৰচিৰ প্ৰথমখন খচৰা প্ৰকাশ কৰে৷
প্ৰথম খন খচৰাত ১.৯০ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছে৷ প্ৰথম খন খচৰাত অন্তৰ্ভুক্ত হোৱা ১.৯০ কোটি লোকৰ বংশ বৃক্ষ পৰীক্ষণ হৈ আছে৷ বংশ পৰীক্ষণ কৰি থকাৰ সময়তে কেইবাটাও চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে৷
এনআৰচিৰ পৰিয়ালৰ বংশবৃক্ষৰ পৰীক্ষণৰ সময়তে পোহৰলৈ আহিছে বহু ভয়াৱহ তথ্য৷ ৰাজ্যৰ চাৰি লাখৰো অধিক লোকে আনৰ লিগেচী ডাটা ব্যৱহাৰ কৰি এনআৰচিত নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷
শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন সেৱা কেন্দ্ৰত বংশ বৃক্ষ পৰীক্ষণ কাৰ্য চলি থকাৰ সময়তে এগৰাকী মহিলাই অন্য পৰিয়ালৰ লিগেচী ডাতা ব্যৱহাৰ কৰাৰ অভিযোগত আটক হয়৷
ভয়-ভাবুকিৰে আনৰ লিগেচী দাতা এনআৰচিৰ আৱেদনত ব্যৱহাৰ কৰিছিল মহিলাগৰাকীয়ে৷
চাহেৰা বেগম নামৰ মহিলাগৰাকীক আটক কৰে আৰক্ষীয়ে৷ জানিব পৰা মতে, নগাঁও জিলাৰ ৰাঙলুৰ দক্ষিণ গমাৰিআটিৰ মহিলাগৰাকীয়ে একেটা অঞ্চলৰে ছফিকুৰ ৰহমান নামৰ লোকজনৰ পিতৃ হবিবৰৰ নামত থকা লিগেচী ব্যৱহাৰ কৰিছিল। বংশ বৃক্ষ পৰীক্ষণত পোহৰলৈ আহে এই কথা। ছফিকুৰ ৰহমানৰ পৰিয়ালক মহিলাগৰাকীয়ে ভাবুকি দি লিগেচী ব্যৱহাৰ কৰিব বিচৰাৰ অভিযোগ উত্থাপন হৈছিল৷
উল্লেখ্য যে, কাৰ্বি আংলঙৰ বোকাজানত কেইবাগৰাকী বিদেশী বুলি সন্দেহ কৰা লোকৰ নাম অন্তৰ্ভক্ত হোৱাৰ লগতে মৰিগাঁও জিলাৰ লাহৰিঘাটত বিদেশী বুলি ঘোষণা কৰা লোকৰ নামো এনআৰচিৰ খচৰাত অন্তৰ্ভুক্ত হোৱাৰ তথ্য পোহৰলৈ আহে৷ ইয়াৰ মাজতে চাঞ্চ্যলৰ ঘটনা সংঘটিত হৈছে নগাঁৱত৷