
কোকৰাঝাৰঃ বিটিএডিৰ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো সাধাৰণ লোকৰ নিৰাপত্তা নিশ্চিত হোৱাটো দূৰৰ কথা খোদ চৰকাৰৰ কৰ্মচাৰী তথা এনআৰচিত নিয়োগ কৰা বিষয়াক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ পুনৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি এগৰাকী চৰকাৰী বিষয়াক অপহৰণ আৰু হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিটিএডিৰ সদৰ জিলা কোকৰাঝাৰৰ আবকাৰী উপ-পৰিদৰ্শক নাৰায়ন বৰালক ২ মে’ত জিলাখনৰ মাগুৰমাৰীৰ পৰা এনআৰচিৰ ডিউটি সামৰি ভাৰত ভূটান সীমান্তৰ সৰলপাৰাস্থিত নিজ গৃহলৈ আহি থকাৰ পথত সন্ধানহীন হৈ পৰে৷
তাৰ পিছতে নাৰায়ন বৰালৰ মৃতদেহ এদিন পিছত উল্টাপানী বনাঞ্চলৰ পথৰ দাঁতিত উদ্ধাৰ হোৱাৰ ঘটনাাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। কি পৰিস্থিতিত কোনে আবকাৰী উপ-পৰিদৰ্শক গৰাকীক হত্যা কৰিলে সেয়া অদ্যপি ৰহস্যৰ আৱৰ্তত যদিও অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে হত্যা কৰি জংঘলৰ পথৰ দাঁতিত মৃতদেহটো মটৰচাইকেল সহিতে পেলাই থৈ মটৰচাইকেল দুৰ্ঘটনাৰ ৰূপ দিব বিচৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, অতি নিৰ্জু স্বভাৱৰ নাৰায়ন বৰাল এগৰাকী সমাজকৰ্মী হিচাপেও পৰিচিত। মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে গোৰ্খা সম্প্ৰদায়ৰ লোকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। নাৰায়ন বৰালৰ হত্যাকাণ্ডৰ বাতৰি সদৰি হোৱাৰ পিছতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, অসম গোৰ্খা সন্মিলন আৰু নেপালী সাহিত্য সভাৰ প্ৰতিনিধিৰ দল এটাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে।
প্ৰতিনিধিৰ দলটোৱে নাৰায়ন বৰালৰ দেহৰ কেবাঠাইত আঘাতৰ চিন প্ৰত্যক্ষ কৰাৰ লগতে মটৰচাইকেলখন অক্ষত অৱস্থাত থকা প্ৰত্যক্ষ কৰে। পিছত আৰক্ষীয়ে মৃতদেহটো বনাঞ্চলৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইপিনে কোকৰাঝাৰ প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে বিয়লি ৪.৩০ বজাত অনুষ্ঠিত হোৱা এক সংবাদমেলত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, অসম গোৰ্খা সন্মিলন আৰু নেপালী সাহিত্য সভাৰ নেৰ্তৃবৰ্গই আবকাৰী উপ-পৰিদৰ্শক নাৰায়ন বৰালৰ হত্যাকাণ্ড পূৰ্বপৰিকল্পিত বুলি অভিযোগ উত্থাপন কৰি দোষীক কৰায়ত্ব কৰাৰ বাবে ৭২ ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে।
মৃতদেহৰ কেবাঠাইত চোকা অস্ত্ৰৰে কৰা গভীৰ ক্ষত চিহ্নৰ দাগ আছে আৰু সম্ভৱত কুঠাৰ জাতীয় নতুবা চোকা অস্ত্ৰৰে ঘপিয়াই নাৰায়ন বৰালক হত্যা কৰা হৈছে বুলি দাবী কৰি সংগঠনৰ নেৰ্তৃবৰ্গই ৭২ ঘণ্টাৰ ভিতৰত প্ৰশাসনে দোষীক কৰায়ত্ব কৰিব নোৱাৰিলে ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব বুলি ভাবুকি প্ৰদান কৰে৷ সংবাদমেলত বিটিচিৰ প্ৰাক্তন এমচিএলএ তথা আগছুৰ প্ৰাক্তন সভাপতি মাধৱ কাৰ্কী, আগছুৰ উপদেষ্টা ডিম্বেশ্বৰ উপাধ্যায়, অসম গোৰ্খা সন্মিলনীৰ বিটিচি ক্ষেত্ৰীয় সমিতিৰ সম্পাদক বিকাশ চুবেদী, অসম নেপালী সাহিত্য সভাৰ সভাপতি কৃষ্ণ বাহাদুৰ থাপাকে ধৰি কেইবাগৰাকী নেতাই সংবাদমেলত উপস্থিত থাকে।