দৰঙত এন আৰ চি প্ৰক্ৰিয়াত চূড়ান্ত বিসংগতি

newsnextone.com| দৰংঃ ​এন আৰ চি চূড়ান্ত খচৰাৰ তালিকা প্ৰকাশ কৰা হ’ল৷ সকলোৱে আশা কৰিছে এখন শুদ্ধ NRC প্ৰকৃত ভাৰতীয় নাগৰিকে লাভ কৰিব৷ কিন্তু চূড়ান্ত খচৰা প্ৰকাশৰ পিছত একাংশই এন আৰ চি ৰ প্ৰক্ৰিয়াত বাধা দিয়াৰ চক্ৰান্তত নামি পৰি জধে মধে ভাৰতীয় নাগৰিকৰ নামত ডি, বিদেশী আদি বুলি জাননী জাৰি কৰি এক আতংকময় পৰিবেশৰ সৃষ্টি কৰাৰ অভিযোগ উঠিছে৷ অভিযোগ মতে দৰঙৰ খাৰুপেটীয়াৰ নিকটবৰ্তী ওজাগাও গাঁও পঞ্চায়তৰ এন এছ কে ০৫১৮ নম্বৰৰ অন্তৰ্গত বলোগড়া গাৱৰ অৰ্ধশতাধিক লোকৰ নামত জধে মধে জাননী প্ৰেৰণ কৰিছে৷ অভিযোগ মতে NRC ৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত হোৱা লোকৰ নামত সন্দেহযুক্ত নাগৰিক বুলি জাননী দিয়ে এন আৰ চি কৰ্তৃপক্ষই৷ 

আনকি ছবছৰীয়া শিশুৰ নামতো বিদেশীৰ গোচৰ চলি থকা বুলি জাননী জাৰি কৰি দিয়া এক নাভূত নাশ্ৰুত ঘটনা সংঘটিত কৰিছে এন আৰ চি কৰ্তৃপক্ষই৷ ইয়াৰোপৰি দুবাৰকৈ ডি ৰ গোচৰত আইনী প্ৰক্ৰিয়াত ৰায়দান পোৱাৰ পিচত ২০১৮ লৈ ভোটাৰ তালিকাত নাম থকা লোকৰ নামতো জাননী জাৰি কৰিছে NRC কৰ্তৃপক্ষই৷ কোনো দিনা কোনো গোচৰ বা কোনো ধৰনৰ জাননী নোপোৱাকৈ কালি এন আৰ চি ৰ কৰ্তৃপক্ষই বলোগড়া গাৱৰ আব্দুল জোব্বাৰ নামৰ এজন লোকক বিদেশী ঘোষণা কৰি জাননী দিয়ে কিয় খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণ জানিব বিচৰা ফৰ্মত৷ আৰু কোনো ডি নথকা এ আৰ এন 101832502149051801645 নম্বৰৰ নাজিৰ আলীৰ ছবছৰীয়া কন্যা কনমানি  খুদেজা বিবি ৰ নামত বিদেশীৰ ন্যায়াধীশকৰণত গোচৰ বিচাৰাধীন হৈ আছে বুলি দিলে জাননী৷ গাঁওখনত ৰহিম আলী, জাহিৰণ বেওৱা, ছবিৰণ নেছা, বেগম, অহেদা খাতুন আদি লোকৰ নামত ৪/৫ বছৰ পূৰ্বে দুবাৰকৈ ডি ভোটাৰ গোচৰত ৰায়দান পোৱাৰ পিছতো পুনৰ কালি এন আৰ চি কৰ্তৃপক্ষই কাৰোবাক বিদেশী কাৰোবাক ডি আদি বুলি উল্লেখ কৰি জাননী জাৰি কৰিছে৷

আনহাতে অঞ্চলটোত বহুতো লোকৰ নামত নতুনকৈ ডি ভোটাৰত অন্তৰ্ভুক্ত হোৱাৰো অভিযোগ উঠিছে৷ এনেদৰে দৰঙৰ খাৰুপেটীয়াৰ বলোগড়া গাৱত NRC কৰ্তৃপক্ষই জধে মধে জাননী দি অঞ্চলটোত আতংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৰাইজক৷ হঠাতে কালি এনেদৰে ডি, বিদেশী আদিৰ জাননী পোৱাৰ পিছত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ কিয়নো বহুতেই প্ৰয়োজনীয় নথি পত্ৰ থকা স্বত্বেও দুবাৰকৈ সন্দেহযুক্ত নাগৰিকৰ গোচৰত সৰ্বস্বান্ত হয়৷ সেই গোচৰত সপক্ষে ৰায়দান পোৱাৰ পিছত পুনৰ নতুনকৈ জাননী পাই আতংকিত হৈ পৰিছে আৰু কান্দোনত ভাগি পৰিছে৷ দুখীয়া এই সকল লোকে, দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰি দুই এটা গৰু, ছাগলী ক্ৰয় কৰিছিল যদিও সেইবিলাক বিক্ৰী কৰি ইতিমধ্যে সৰ্বস্বান্ত হৈছে৷ জাননী পোৱাৰ পাছত সকলো লোক একত্ৰিত হৈ এঠাইত গোট খোৱাৰ পিছত এক হতাশা, আতংকিত হোৱাৰ পৰিবেশ সৃষ্টি হোৱা পৰিলক্ষিত হয়৷ 

এইক্ষেত্ৰত এন আৰ চি কৰ্তৃপক্ষৰ এক ষড়যন্ত্ৰ বুলি ৰাইজে অভিযোগ তুলিলে৷ ৰাইজৰ প্ৰশ্ন, এই জাননীটো কি ভিত্তিত, কেনেকৈ আৰু কোনে বিতৰন কৰিবলৈ দিলে সেয়ালৈ ক্ষোভিত হৈ পৰে ৰাইজ৷ অঞ্চলটোত এগৰাকী বি এল অ ৰ হতুৱাই বিতৰণ কৰা উক্ত জধে মধে দিয়া জাননী সমূহৰ ক্ষেত্ৰত এন আৰ চি কৰ্তৃপক্ষৰ লগতে দৰং জিলাৰ উপায়ুক্তক অতিশীঘ্ৰে ‌‌‌মীমাংসা কৰাৰ দাবী জনালে ৰাইজৰ লগতে দৰং জিলাৰ আমছুয়ে৷ NRC কৰ্তৃপক্ষৰ নাভূত নাশ্ৰুত কাণ্ডই এটি ছবছৰীয়া শিশুৰ ভবিষ্যত অন্ধকাৰৰ দিশে ঠেলি দিছে৷ এই বয়সত কনমানি খুদেজা বিবিয়ে নাজানে বিদেশী, মানে কি? কোনো গোচৰ নথকা সত্বেও পিতৃ নাজিৰ আলী ৰ নামত যোগসুত্ৰ ৰ সম্পৰ্ক নাই বুলি reasons ত উল্লেখ কৰি আশ্চৰ্যজনক ভাৱে তাৰ ছবছৰীয়া জীয়েক খোদেজাৰ নামৰ বিপৰীতে ৰিজনত লিখা আছে বিদেশী ন্যায়াধীকৰণত গোচৰ চলি আছে বুলি৷ এনে বহুতো পৰিয়ালত কোনো দিনে কোনো ধৰণৰ জাননী পোৱা নাছিল যদিও কালি হঠাৎ বহুতো পৰিয়ালৰ কোনোবা সদস্যৰ নামত বিদেশী ঘোষিত ব্যক্তি  বুলিয়েই ন’টিশ জাৰি কৰিছে৷

অভিযোগ মতে পঞ্চায়তটোৰ অন্তৰ্গত চল্লিশৰো অধিক শতাংশ লোকৰ নামত যধে মধে NRC ৰ চূড়ান্ত খচৰাৰ পৰা বাদ দিছে৷ এই সমূহ জাননী পোৱাৰ পিছৰে পৰা  মানসিকভাৱে ভাগি পৰিছে পৰিয়ালসমূহ৷ বৃটিছ কালৰ স্থায়ী তথা ভাৰতীয় নাগৰিকত্বৰ নথি পত্ৰ আদি থকা এইসকল লোকক হাৰাশাস্তি কৰাৰ এক ষড়যন্ত্ৰ বুলি বহুতেই ক্ষোভ প্ৰকাশ কৰিছে৷ ভাৰতীয় নাগৰিকক এনেদৰে হকে বিহকে বিদেশী আৰু সন্দেহজনক নাগৰিকৰ নামত ন’টিশ দি নিৰীহ সংখ্যালঘু লোকক হাৰাশাস্তি কৰি NRC কৰ্তৃপক্ষই NRC সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে  আৰু ই এক গভীৰ ষড়যন্ত্ৰ বুলি ৰাইজে অভিযোগ তুলিছে৷ প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰি এখন শুদ্ধ এন আৰ চি প্ৰস্তুত কৰিব লাগে বুলি দাবী কৰিছে ৰাইজে ।