শংকিত বিটিএডিৰ NRCৰ কৰ্মচাৰী, ওদালগুৰিত লঘোনে কাম কৰে এনআৰচিৰ কৰ্মীয়ে

ওদালগুৰিঃ যোৱা ২ মে’ত বিটিএডিৰ কোকৰাঝাৰ জিলাত এগৰাকী এআনআৰচিৰ বিষয়াক অপহৰণ কৰি হত্যাৰ অভিযোগ উত্থাপন হোৱাত শংকিত হৈ পৰিছে বিটিএডিৰ এনআৰচিৰ বিষয়া-কৰ্মীসকল৷ বিটিএডিৰ নাগৰিকৰ জীৱন আৰু সম্পত্তি আৰু এনআৰচিৰ কৰ্মীসকলৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো সাধাৰণ লোকৰ নিৰাপত্তাৰ লগতে খোদ চৰকাৰৰ কৰ্মচাৰী তথা এনআৰচিত নিয়োগ কৰা বিষয়াক হত্যা কৰাৰ ঘটনাক সহজে লব পৰা নাই সচেতন লোকে৷ 

বিটিএডিৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি এগৰাকী চৰকাৰী বিষয়াক অপহৰণ আৰু হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিটিএডিৰ সদৰ জিলা কোকৰাঝাৰৰ আবকাৰী উপ-পৰিদৰ্শক নাৰায়ন বৰালক ২ মে’ত জিলাখনৰ মাগুৰমাৰীৰ পৰা এনআৰচিৰ ডিউটি সামৰি ভাৰত ভূটান সীমান্তৰ সৰলপাৰাস্থিত নিজ গৃহলৈ আহি থকাৰ পথত সন্ধানহীন হৈ পৰে আৰু এদিন পিছত পথৰ দাতিত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চিন্তিত কৰি থকাৰ সময়তে ওদালগুৰি জিলাত এনআৰচিৰ কামত নিয়োগ কৰা চৰকাৰী কৰ্মচাৰীসকলে পৰ্যাপ্ত সা-সুবিধা নোপোৱাৰ অভিযোগ উত্থাপন হৈছে৷

যুদ্ধকালীন তৎপৰতাৰে এনআৰচি উন্নীতকৰণৰ কাম চলি আছে আৰু হাতত যথেষ্ট সময় কম দ্বিতীয় খচৰা প্ৰকাশৰ বাবে৷ ৩০ জুনত সমগ্ৰ ৰাজ্যতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পাব। ওদালগুৰিৰ বিভিন্ন স্থানতো চলিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বংশ বৃক্ষ পৰীক্ষণৰ চূড়ান্ত প্ৰক্ৰিয়া। ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ তিনিটাকৈ বৃহৎ কোঠাৰ লগতে পেৰেড গ্ৰাউণ্ডৰ বাৰাণ্ডা, গেৰেজত এনআৰচিৰ পৰীক্ষণৰ কাম চলিছে৷

প্ৰতিটো কোঠাত পোন্ধৰখনকৈ মেজৰ বিপৰীতে প্ৰতিখন মেজত দুগৰাকীকৈ কৰ্মচাৰীয়ে নিজৰ কাম সম্পন্ন কৰি গৈছে। ইয়াৰ মাজতে একাংশ কৰ্মচাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, তেওঁলোকৰ কৰ্তব্য পুৱা ৯ বজাৰ পৰা নিশা ১০ বজা পৰ্যন্ত চলি থাকে যদিও তেওঁলোকৰ বাবে আহাৰৰ ব্যৱস্থা কৰা দেখা নাযায়। 

কিছু স্থানত আকৌ উপযুক্ত খোৱা পানীৰ ব্যৱস্থা নথকাৰ কথাও জানিবলৈ দিয়ে কৰ্মচাৰীসকলে। ইপিনে পুনৰীক্ষণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা-যোৱা কৰা লোকসকলক একাংশ বিষয়া-কৰ্মচাৰীয়ে দুব্যৱহাৰ কৰাৰ কথা সাংবাদিকক জানিবলৈ দিয়ে কৰ্মচাৰীয়ে।