
লিডুঃ নগা ফ্ৰেমৱৰ্ক চুক্তি ৰূপায়ণ কৰাৰ পিছৰে পৰা অসম-নাগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে অৰুণাচল প্ৰদেশৰ লংদিঙ জিলাৰ খুমচাত শুকুৰবাৰে তিনিজন NSCN (U)ৰ সদস্যক আটক কৰিবলৈ সক্ষম হয় সেনা-আৰক্ষীয়ে৷
১৬নং অসম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীয়ে অভিযান চলাই অৰুনাচল প্ৰদেশৰ লংদিঙৰ চাইকে এব কন্যাক (২৫), পানিয়াম ৱাং জেম (১৯) আৰু অৰুণাচলৰ টিৰাপৰ ৱাংফা বাংচা (১৯) বুলি জানিব পৰা গৈছে।
NSCN (U)ৰ সদস্য কেইজনৰ পৰা সেনা-আৰক্ষীয়ে এটা ৯ এম এম পিষ্টল আৰু ৯ জাই সক্ৰিয় গুলী উদ্ধাৰ কৰাৰ লগতে ৭.৬৫ এম এম পিষ্টল সহ আৰ, ডি, এক্স আৰু কানি উদ্ধাৰ হয়।