
লিডুঃ ৰাজ্য চৰকাৰৰ দুৰ্বল ভূমিকাৰ বাবে অসমৰ ভূমিত NSCN (IM)ৰ দাদাগিৰী অব্যাহত আছে৷ এতিয়া ইচ্ছা গ’লেই অসমৰ বিনা দ্বিধাই NSCN (IM)ৰ লোক সোমাই সন্ত্ৰাস সৃষ্টি কৰি অনায়াসে উভতি যাব পাৰে৷ কেন্দ্ৰীয় চৰকাৰে NSCN (IM)ৰ সৈতে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট কৰাৰ পিছৰে পৰা অসম-নাগালেণ্ড সীমান্তত NSCNৰ সন্ত্ৰাস ক্ৰমে বৃদ্ধি পাব ধৰিছে৷
অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ থকা এই এগ্ৰিমেন্ট ৰূপায়ণ কৰাৰৰ পিছতে বিষয়টো ক্ৰমান্বয়ে অতি স্পৰ্শকাতৰ হৈ পৰাৰ সময়তে তিনি পূৰ্বে অসমৰ মাটিত NSCN-এ ভয়াবহ আক্ৰমণ চলাই ৫ খনকৈ গাড়ী জ্বলাই দিয়াৰ পিছত শুকুৰবাৰে নিশা দাবী কৰা ধন নিবলৈ আহি এনএনচিএনৰ দুই কেডাৰ আৰক্ষীৰ জালত পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ মঙলবাৰে নিশা লিডুৰ টিকক পাহাৰত অস্ত্ৰ-শস্ত্ৰ সৈতে NSCN (IM)ৰ দল প্ৰবেশ কৰি প্ৰবেশ কৰি কয়লা খননত নিয়োজিত ANE মাইনিং নামৰ কোম্পানীটোত ভয়াবহ আক্ৰমণ চলাই৷
ফলত পাঁচখনকৈ গাড়ী জুইত জাহ যোৱাৰ উত্তেজনা মাৰনৌযাওতেই লিডু আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত লিডুৰ ৩নং মোলাং গাঁৱৰ পৰা আৰক্ষীয়ে দুজন NSCN (IM) সদস্যক আটক কৰিবলৈ সক্ষম হয়৷ উগ্ৰপন্থী সংগঠনটোৰ কেইজনমান সদস্যই লিডুৰ ফিনবিৰো অঞ্চলত কয়লা ব্যৱসায়ীক অস্ত্ৰ দেখুৱাই দাবী কৰা ধন নিবলৈ আহি নিশা প্ৰায় ১০ বজাত লিডু আৰক্ষী আৰু সেনাৰ এটি দলে অতি কৌশলেৰে দুজন উগ্ৰপন্থীক আটক কৰিবলৈ সক্ষম হয়।
অসম-অৰুনাচলৰ সীমান্তৱৰ্তীৰ ঘন অৰন্যত বাহৰ পাতি থকা এই সকল উগ্ৰপন্থীয়ে সুযোগ পালেই অসমৰ সমতল ভূমিলৈ আহি ব্যৱসায়ী সকলক ধনদাবীৰে ব্যতিব্যস্ত কৰি তুলে। আটকাধীন সদস্যৰ পৰা এটা ২২ পিষ্টল আৰু যথেষ্ট সংখ্যক আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰে।