লিডুৰ টিকক পাহাৰত NSCNৰ ভয়াবহ আক্ৰমণ

লিডুঃ কেন্দ্ৰীয় চৰকাৰে NSCN (IM)ৰ সৈতে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট কৰাৰ পিছৰে পৰা অসম-নাগালেণ্ড সীমান্তত NSCNৰ সন্ত্ৰাস ক্ৰমে বৃদ্ধি পাব ধৰিছে৷ অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ থকা এই এগ্ৰিমেন্ট ৰূপায়ণ কৰাৰৰ পিছতে বিষয়টো ক্ৰমান্বয়ে অতি স্পৰ্শকাতৰ হৈ পৰাৰ সময়তে মঙলবাৰে অসমৰ মাটিত NSCN-এ ভয়াবহ আক্ৰমণ চলাই ৫ খনকৈ গাড়ী জ্বলাই দিয়ে৷

এই চুক্তিখন সম্পাদন কৰাৰ পিছৰে পৰা অসমৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে সন্দেহযুক্ত NSCN (IM)ৰ এটি দলে মঙলবাৰে নিশা লিডুৰ টিকক পাহাৰত প্ৰবেশ কৰে৷ অস্ত্ৰ-শস্ত্ৰ সৈতে পাহাৰত প্ৰবেশ কৰি কয়লা খননত নিয়োজিত ANE মাইনিং নামৰ কোম্পানীটোত ভয়াবহ আক্ৰমণ চলাই৷ ফলত পাঁচখনকৈ গাড়ী জুইত জাহ যায়।

ফলত সমগ্র অঞ্চলটোত উত্তেজনাই বিৰাজ কৰে। নগা উগ্ৰপন্থীয়ে একপ্ৰকাৰ দখল কৰা লিডু টিকক পাহাৰত মাথো এটা বছৰৰ ব্যৱধানত উগ্ৰপন্থীয়ে একেটা উদ্যোগত বাবে বাৰে আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পুনৰ গাড়ী জ্বলাই দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি কৰিছে অঞ্চলটোত৷ NSCN (IM) উগ্ৰপন্থীয়ে ANE ৰ তিনিখনকৈ গাড়ী জ্বলাই দিয়াৰ পাছত পুনৰ যোৱা নিশা পাঁচখনকৈ গাড়ী জ্বলাই অঞ্চলটোত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷

জানিব পৰা মতে ১৫/১৬ জনীয়া উগ্ৰপন্থীৰ দলটোৰ ৪ জনে গৰাকীয়ে অস্ত্ৰ এম-১৬, আৰু একে-৮১ ৰাইফলেৰে গাড়ীৰ তেলৰ টেংকীত গুলীওৱাত অগ্নি কাণ্ড সংঘটিত হয়৷ সমগ্র দৃশ্যাৱলী চিচিটিভি কেমেৰাত বন্দী হয়। ধনদাবীক কেন্দ্ৰ কৰিয়েই এনে ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰ তথা কোনো পক্ষক অৱগত নকৰাকৈ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তি কৰি বৃহত্তৰ নাগালিম গঠনৰ কৰাৰ কুচকাৱাজ কৰি থকাৰ সময়তে NSCN (IM)ৰ তাণ্ডৱ অব্যাহত আছে অসমৰ সীমাত৷