NSCNৰ পত্ৰ বোমা, অসমীয়া মিনি ট্ৰাক মালিকে ৮ লাখ, ট্ৰাক মালিকে দিব লাগিব ১০ লাখ

ফাইল ফটো
প্ৰতিকী ফটো

চৰাইদেউঃ সীমাৰ সীপাৰৰ পৰা পত্ৰ বোমা প্ৰেৰণ কৰিয়ে আছে বিদ্ৰোহী সংগঠনে৷ পত্ৰ বোমাই এতিয়া কপনি তুলিছে সীমান্তত৷ যদি আপুনি বাংলাদেশ, ম্যানমাৰ নতুবা ভূটানৰ পৰা পত্ৰ প্ৰেৰণ কৰা বুলি ভাবিছে তেন্তে ভুল ভাবিছে৷ পত্ৰ প্ৰেৰণ কৰিছে একালৰ বৰ অসমৰ অংগ আমাৰে ভাই নগা বিদ্ৰোহীয়ে৷ নগা বিদ্ৰোহী সংগঠন NSCNৰ খাপলাং গোটে শুকুৰবাৰে অসম-নাগালেণ্ড সীমান্তৰ সোণাৰীৰ মিনি ট্ৰাক সন্থাক ৮ লাখ টকা বিছাৰি পেড যোগে দাবী পত্ৰ প্ৰেৰণ কৰাৰ ২৪ ঘন্টা পাৰ নৌহওঁতেই পুনৰ আন এখন পত্ৰ প্ৰেৰণ কৰাত সীমান্তৱৰ্ত্তী অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

শুকুৰবাৰৰ পত্ৰ বোমাত ৮ লাখ আছিল যদিও এইবাৰৰ বোমাত ২ লাখ বৃদ্ধি হৈছে৷ এইবাৰ অসমীয়া ট্ৰাক মালিকৰ পৰা ১০ লাখ টকা বিছাৰিলে NSCN-এ৷ সোণাৰিৰ ব্যৱসায়ীলৈ পুনৰ নগা উগ্ৰপন্থী সংগঠন NSCN খাপলাং গোটে ধনদাবী পত্ৰ প্ৰেৰণ কৰে। শুকুৰবাৰে সোণাৰি মিনি ট্ৰাক সন্থাক ৮ লাখ টকা দাবী কৰি সংগঠনটোৰ পেড যোগে ধন দাবী কৰাৰ পিছত এইবাৰ সোণাৰি ট্ৰাক সন্থাক দহ লাখ টকা দাবী কৰে সংগঠনটোৱে৷

সোণাৰিত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ লগতে নীৰৱ দৰ্শক হৈ থকাৰ অভিযোগ উত্থাপন হৈছে চৰাইদেউ জিলা প্ৰশাসনৰ বিৰুদ্ধে৷ স্মৰ্তব্য যে, ভাৰত চৰকাৰ আৰু NSCN (আই-এম)ৰ মাজৰ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত এতিয়ালৈ ৰাজহুৱা হোৱা নাই যদিও অসমৰ ৰাইজ শংকিত হৈ আছে নাগালিমত অসমৰ ভূমি অন্তৰ্ভুক্ত হোৱাৰ আশংকাত। নাগালিমৰ দাবীৰে NSCN-এ মানচিত্ৰ প্ৰস্তত কৰি অসমৰ শিৱসাগৰ, গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া আদিকে ধৰি অসমৰ বহুকেইখন জিলাৰ মাটিকালি অন্তৰ্ভুক্ত কৰিছে। কোনো কাৰণতে অসমৰ মাটি এৰি দিয়া নহব বুলি দল সংগঠনে হুংকাৰ দি থকাৰ সময়তে অসমত নগাৰ দপদপনি বৃদ্ধি পাবলৈ ধৰিছে অসমৰ ভূমিত৷

ধন দাবী, ভাবুকি ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে৷ সীমান্তত দপদপাই থকা নগা বিদ্ৰোহী এইবৰ বৰ ঘৰ পাইছে৷ অসমৰ মাটি যেনেকৈ বাংলাদেশক দিয়া হ'ল থিক তেনেকৈ অসমৰ মাটি নাগালেণ্ডক দিবৰ বাবে অসম-ভাৰত চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে অসমত আৰম্ভ হৈছে নগা বিদ্ৰোহীৰ দপদপনি৷ কেন্দ্ৰীয় চৰকাৰে নাগালিমত চৰাইদেউ জিলাকে ধৰি অসমৰ দহখন জিলাৰ বৃহৎ এলেকাৰ ভূমিক সামৰি মানচিত্ৰ প্ৰকাশ কৰাৰ পাছত নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট কাৰ্যকৰী নোহোৱাৰ পূৰ্বেই পুনৰ নগাৰ দপদপনি বৃদ্ধি পাইছে অসম নাগালেণ্ড সীমান্তত৷

নগা বিদ্ৰোহী সংগঠন এন এনএছচিএনৰ কিছু সদস্যই যোৱা কিছুদিন ধৰি অবিভক্ত শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত অসামাজিক কামকাজ চলাই থকা লগতে ২৩ অক্টোবৰৰ নিশা সেনাবাহিনীৰ দলে তিনিজনকৈ নগা বিদ্ৰোহী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰে৷ ভাৰতীয় সেনাবাহিনীৰ ১৭নং ৰেজিমেণ্টৰ জোৱানে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অসম-নগালেণ্ড সীমান্তৰ নাগিনীমৰাত পিস্তল তথা দুইজাই সজীৱ গুলীসহ দুজন এনএছচিএন খাপলাং গোটৰ সদস্যক আটক কৰিবলৈ সক্ষম হয়৷ তাৰ পিছৰে পৰা ব্যাপক হাৰত নগা উগ্ৰপন্থীয়ে ধন দাবী কৰি আহিছে অসমীয়াক৷