
তিনিচুকীয়া/মাৰ্ঘেৰিটাঃ সন্দেহজনক আলফা স্বাধীন আৰু এনএছচিএনৰ ভয়ংকৰ আক্ৰমণত কপি উঠিল তিনিচুকীয়া জিলাৰ জাগুণ অঞ্চল৷ প্ৰায় ১০ খন তেলৰ টেংকাৰত আক্ৰমণ কৰে সন্দেহজনক আলফা স্বাধীন আৰু এনএছচিএনৰ প্ৰায় ৪০ জনীয়া দলে৷
অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত দলটোৱে চালকক আতৰাই অগ্নিনিক্ষেপ কৰে টেংকাৰ কেইখনত৷ ফলত ১০ খনকৈ টেংকাৰ জ্বলি ভস্মীভূত হয়৷ যাৰ ফলত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত৷ অসম অৰুণাচল সীমান্তত জাগুণত সন্দেহজনক আলফা স্বাধীন আৰু এনএছচিএনে ভয়াবহ আক্ৰমণৰ ঘটনাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে আতংকই বিৰাজ কৰে৷
১০খন টেংকাৰ দাউ দাউকৈ জ্বলি থকাৰ সময়ত কোনোও ওচৰলৈ আহিবলৈ সাহস কৰা নাছিল যদিওঁ বহু পলমকৈ স্থানীয় আৰক্ষী উপস্থিত হয় যদিওঁ আৰক্ষীৰ উচ্চস্থৰীয় বিষয়া উপস্থিত হোৱা নাছিল৷ মঙলবাৰে সন্ধিয়া অসম অৰুণাচল সীমান্তৰ খাৰচাঙৰ নামচিক গে'টত অৰুণাচল অভিমুখে যাবৰ বাবে ৰৈ থ'কা প্ৰায় ১০খনকৈ তেলৰ টেংকাৰত আলফা(স্বা) আৰু NSCN(K)ৰ প্ৰায় ৪০ জনীয়া দল এটাই অগ্নিসংযোগ কৰে৷
আলফাৰ এজন কেডাৰ অৰুণাচল আৰক্ষী আৰু সেনাৰ যৌথ অভিযানত মৃত্যু হোৱাৰ পোটক তোলাৰ উদ্দেশ্যৰে আলফা নেতা উদয় অসমৰ নেতৃত্বত ক'ৰকম গোটৰ প্ৰায় চল্লিশ জনীয়া গোটে এই ঘটনা সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে৷ ঘটনা সংঘটিত কৰি নিৰ্বিঘ্নে আতৰি য়াই দলটোৱে৷ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ সক্ষম হয় যদিও ৮০ শতাংশ ক্ষতি হয় টেংকাৰ কেইখনৰ৷