
অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ ‘বহুদিন দেখা নাই মোৰ সৰু বোপাইক। প্ৰায় দুমাহে খবৰ নাই মোৰ তাৰ। ক’ত আছে সি? পূজাৰ বতৰত এজোৰ কাপোৰ দিবলৈ অনুৰোধ জনোৱা বোপাই আজি দুমাহে অহা নাই ঘৰলৈ। শুনিছোঁ সি হেনো আলফাত যোগদান কৰিছে। কিন্তু কোনেও নিশ্চিতকৈ ক’ব পৰা নাই সেই কথা। গতিকে আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাই স্পষ্ট কৰক৷ মোৰ সৰু বোপাইক সোঁশৰীৰেৰে মোৰ বুকুৰ মাজলৈ ঘূৰাই পঠিয়াওক।’ কান্দি কান্দি আলফা সেনাধ্যক্ষ পৰেশ বৰুৱালৈ এই আহ্বান নিৰুদ্দিষ্ট জয়ন্ত ডেকাৰ অসহায় মাতৃৰ।
উল্লেখ্য যে ওদালগুৰি সদৰৰপৰা প্ৰায় ২১ কিল'মিটাৰ দূৰৈৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত আমলাইগুৰি গাঁৱৰ বাসিন্দা প্ৰদীপ ডেকা আৰু গীতা ডেকাৰ কণিষ্ঠ পুত্ৰ জয়ন্ত ডেকা (২২) বিগত ১৯ ছেপ্টেম্বৰৰপৰা নিৰুদ্দেশ হৈ আছে।
পৰিয়ালৰ লোকে লগে লগে আত্মীয়ৰ ঘৰত বিচাৰ-খোঁচাৰ কৰি ২২ ছেপ্টেম্বৰত খবৰ দিছিল হৰিশিঙা আৰক্ষী থানাত। আৰক্ষীয়ে যুৱকজনৰ সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাত পৰিয়ালৰ লোকে নিজৰ সন্তানক কোনোৱাই হত্যা কৰাৰ সন্দেহ কৰিছিল। কিন্তু ইয়াৰ পাছত বিগত ২ নৱেম্বৰত হৰিশিঙা আৰক্ষীয়ে আমলাগুৰি গাঁৱৰ গাতে লাগি থকা বৰমগাবাৰী গাঁৱৰপৰা দুজন আলফাৰ লিংকমেন ক্ৰমে বলেন ডেকা আৰু ডিম্বেশ্বৰ ডেকা আৰক্ষীৰ জালত পৰাত তেওঁলোকে জেৰাত স্বীকাৰ কৰিছিল জিলাখনৰ কলাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত নাহৰবাৰী গাঁৱৰ দুই যুৱক ক্ৰমে শশাংক নাথ আৰু ধনজিৎ ডেকাৰ লগতে হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত আমলাগুৰি গাঁৱৰ জয়ন্ত ডেকাক আলফালৈ প্ৰেৰণ কৰাৰ কথা।
এই বাতৰি শুনাৰ পাছত শোকত ভাগি পৰে তিনিওটা পৰিয়ালৰ লোক। জয়ন্ত ডেকাৰ পৰিয়ালে সাংবাদিকক জানিবলৈ দিয়া মতে তেওঁলোকৰ সমীপৰ গাঁৱৰে ছাত্ৰনেতা তথা ধৃত আলফাৰ লিংকমেন বলেন ডেকা আৰু ডিম্বেশ্বৰ ডেকাই গোপনে সম্পৰ্ক ৰক্ষা কৰিছিল জয়ন্তৰ সৈতে। পৰিয়ালৰ লোকে ভাবিছিল যিহেতো বলেন এজন ছাত্ৰনেতা সেয়ে তেনেকুৱা সাংগঠনিক কামত জয়ন্ত লগ কৰে বলেনে।
স্থানীয় লোক তথা পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ শাখাত অধ্যয়ণ কৰা জয়ন্তই উচ্চতৰ মাধ্যমিকৰ শাখা উত্তীৰ্ণ নৌহওতেই অধ্যয়ন সমাপ্ত কৰিছিল। পৰৱৰ্তী সময়ত নিজৰ ঘৰতেই কেতিয়াবা পিতৃক কৃষি কামত সহায় কৰিছিল। কিন্তু অৱশেষত কিয় এনে পন্থা বাছি ল’লে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত যদিও জিলাখনৰপৰা আৰু অধিক যুৱক আলফালৈ যোৱাৰ সন্দেহ কৰা হৈছে।
আনহাতে সাংবাদিকৰ নিজা অভিযানত পোহৰলৈ আহিছে আন এক তথ্য। উক্ত অঞ্চলত ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে আলফাৰ তৎপৰতা। কিয়নো চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ আগনিশা অঞ্চলটোৰ সমীপৰ এখন বিদ্যালয় চৌহদত কোনো লোকে ক’লা পতাকা উত্তোলন কৰিছিল আৰু এই কাৰ্য নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছিল। সি যি কি নহওক, জিলাখনত তিনিওজন নিৰুদ্দিষ্ট যুৱকৰ পৰিয়ালে আলফা সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাতৰ আহ্বান জনাই কয় যে ‘আমাৰ সন্তান জীৱিত নে? সেয়া স্পষ্ট কৰি সোঁশৰীৰে ঘূৰাই পঠাওক’।