হঠাৎ ওদালগুৰিত কিয় কোব্ৰা-সেনা...?

ওদালগুৰিঃ শুকুৰবাৰে ওদালগুৰি ভ্ৰমণলৈ আহিব কেন্দ্ৰীয় ৰেচম বিভাগৰ মন্ত্ৰী স্মৃতি জুবিন ইৰানীৰ লগতে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজু। 

ওদালগুৰিৰ সাপেখাইটিস্থিত ৰেচম বিভাগৰ সহকাৰী সঞ্চালক কাৰ্যালয়ত ৰেচম বিভাগৰ বিভিন্ন দিশ পৰিদৰ্শনৰ বাবে দুয়োগৰাকী মন্ত্ৰী আহিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ওদালগুৰিৰ এই ৰেচম বিভাগে বিশ্বত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে। 

বিভিন্ন সময়ত বিদেশী পৰ্যটকৰ লগতে বিদেশৰপৰা অহা বহুতো বিষয়াই ভ্ৰমণ কৰিছে ওদালগুৰিস্থিত ৰেচম বিভাগৰ কাৰ্যালয়ৰ লগতে উৎপাদনস্থলী। দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ ভ্ৰমণৰ বাবে ইতিমধ্যে ওদালগুৰি আৰক্ষী প্ৰশাসন প্ৰস্তুত কৰিছে নিৰাপত্তাজনিত কৌশল। কোনো নিৰাপত্তাজনিত সুৰুঙা ৰাখিব বিচৰা নাই ওদালগুৰি আৰক্ষীয়ে। 

দুয়োগৰাকীৰ কেন্দ্ৰীয় মন্ত্ৰীৰ ভ্ৰমণকালত প্ৰতিটো দিশেই নিৰীক্ষণ কৰিব ওদালগুৰি আৰক্ষীৰ শীৰ্ষ বিষয়াই। আৰক্ষীৰ শীৰ্ষ সূত্ৰ‌ই সাংবাদিকক জানিবলৈ দিয়া অনুসৰি দৈনন্দিনভাৱে থকা নিৰাপত্তা ব্যৱস্থাৰ উপৰিও ভাৰতীয় সেনা আৰু কোব্ৰাক বিশেষভাৱে নিৰাপত্তাৰ দিশটো তন্নতন্নকৈ পৰীক্ষা কৰিবলৈ নিয়োগ কৰা হ’ব। শুকুৰবাৰে অৰুণাচলৰপৰা এক বিশেষ হেলিকপ্টাৰযোগে আহি ওদালগুৰিত অৱতৰণ কৰিব দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে।

ইয়াৰ পাছত এক বিশাল কনভয়ৰে সাপেখাইটিস্থিত ৰেচম বিভাগৰ সহকাৰী সঞ্চালকৰ  কাৰ্যালয়লৈ ৰাওনা হ’ব। এই মূহুৰ্তলৈ হেলিকাপ্টাৰ অৱতৰণৰ স্থান চূড়ান্ত কৰা হোৱা নাই যদিও ওদালগুৰি প্ৰশাসনে ওদালগুৰি ষ্টেডিয়ামৰ লগতে জিলা উপায়ুক্ত কাৰ্যালয়ৰ খেলপথাৰ সাজু কৰি ৰাখিছে।

অৱশ্যে মঙলবাৰে হেলিকপ্টাৰেৰে স্থান নিৰীক্ষণ কৰি গৈছে যদিও কোন স্থানত হেলিকপ্টাৰ অৱতৰণ কৰিব সেয়া বৃহস্পতিবাৰৰ ভিতৰত নিশ্চিত হৈ পৰিব বুলি প্ৰশাসনৰ সূত্ৰ‌ই জানিবলৈ দিয়ে। অৰ্থাৎ দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ ভ্ৰমণৰ বাবে ওদালগুৰি আৰক্ষী প্ৰশাসন সাজু হৈ উঠিছে।