
গোৰেশ্বৰঃ দৰং জিলাৰ সীমামূৰীয়া দুখন গাঁও ৷ ২০০৩ চনৰ ১০ ফ্ৰেৱুৱাৰীত হোৱা চুক্তি অনুসৰি সেইসময়তে গাঁও দুখন বি টি এডিৰ অন্তৰ্ভুক্ত হৈছিল। কিন্তু গাঁওবাসীয়ে বি টি এ ডিৰ অন্তৰ্ভুক্ত হৈ থাকিব নিবিচাৰি বিভিন্ন সময়ত গনতান্ত্ৰিক আন্দোলনৰ জৰিয়তে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। ছিপাঝাৰ সমষ্টিৰ অবড়ো সুৰক্ষা সংগ্ৰাম সমিতিয়ে দিৰ্ঘদিনৰ পৰা বামুনঝাৰ আৰু বামুনঝাৰৰ সমীপৱৰ্তী কটৰা গাঁওদুখনে বি টি এ ডিৰ পৰা কৰ্তনৰ দাবীত প্ৰতিবাদ জনাই আহিছে যদিও এতিয়ালৈ চৰকাৰে কোনো পদক্ষেপ লোৱা নাই৷
অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক পূৰ্ণকান্ত মহন্তই ২০১১ চনত বামুনঝাৰ-কটৰাবাসীৰ অসন্তোষৰ কথা লিখিত ভাবে জনাই মানৱ অধিকাৰ আয়োগক সুমীমাংসাৰ বাবে আবেদন জনাইছিল৷ গাঁওদুখনত অসম চৰকাৰৰ কেইবাজনো উচ্চস্তৰীয় বিষয়াবৰ্গই পৰ্য্যবেক্ষণ কৰিবলৈ আহে৷ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰা, বি টি চিৰ সচিব ৰবীনচন মুছাহাৰী, দৰং জিলাৰ উপায়ুক্ত অশোক বৰ্মন, বাগসা জিলাৰ উপায়ুক্ত সঞ্জীৱ গগৈ, ওদালগুৰি জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম দেউৰী, ডাব্লিউ পি টিৰ উপায়ুক্ত সচিব প্ৰফুল্ল হাজোৱাৰী সহিতে বিভিন্ন বিভাগৰ কেবাজনো বিষয়াই সোমবাৰে পুৱা প্ৰায় দহ বজাত বামুনঝাৰ গাঁৱত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰে৷
প্ৰথমে অতিৰিক্ত মূখ্য সচিব ৰাজীৱ বৰাৰ পৰিচালনাত বামুনঝাৰ বাপুজী প্ৰাথমিক বিদ্যালয়ত আয়োজিত হয় এখন ৰাজহুৱা সভা৷ ইয়াত ৰাইজে বি টি এ ডিৰ পৰা গাঁও দুখন কৰ্তন কৰিব লাগে বুলি দাবী জনায়৷ বি টি এ ডিত অন্তৰ্ভুক্ত হোৱাৰ পিছৰ পৰাই গাঁও খনৰ অৱস্থা যথেষ্ট নমনীয় হৈ পৰিছিল৷ ফলত গাঁওখনৰ লোকসকল আৰ্থিক, শৈক্ষিক কিম্বা সামগ্ৰীক ভাবে আজিও পিছপৰি থাকিল৷ ইয়াৰ পিছত অসম চৰকাৰে বামনুঝাৰস্থিত বামুনঝাৰ প্ৰাথমিক বিদ্যালয় আৰু অংগনবাদী কেন্দ্ৰ, কচাৰীপাৰা প্ৰাথমিক বিদ্যালয় আৰু বমুনঝাৰ ৰৈখাথী ক্লাৱকে ধৰি অন্যান্য কেতবোৰ স্থানত ৰাইজৰ লগত আলোচনাত মিলিত হৈ পৰিস্থিতিটোৰ উমান লয়৷
অৱশ্যে একাংশলোকে বামুনঝাৰ গাঁও খন বৰ্তমানৰ দৰেই বি টি এডিৰ অন্তৰ্ভুক্ত হৈ থকাতো মত পোষন কৰিছে৷ উল্লেখযোগ্য যে ২০১১ চনৰ লোকপ্ৰিয়ল অনুসৰি বামুনঝাৰ আৰু কটৰা গাঁও খনত বড়ো জনসংখ্যা ক্ৰমে ১৭.৯ আৰু ২৭ শতাংশ আছিল৷ ইয়াৰোপৰি গাঁও দুখন ট্ৰাইবেল বেল্ট আৰু ব্লকতো নপৰে৷ জনসংখ্যাৰ গাঁঠনি, ভৌগোলিক স্থিতি আৰু সামাজিক স্থিতিৰ পৰা চাবলৈ গলে অন্তৰ্ভুক্ত হোৱা গাঁও দুখন বি টি এ ডিৰ আওতাৰ বাহিৰত৷ সেয়েহে বামুনঝাৰ আৰু কটৰা গাঁওবাসীৰ লোকসকলে পূৰ্বৰ দৰং জিলাৰ লগতে চামিল হ’ব বিচাৰি অতিৰিক্ত মূখ্য সচিবক স্পষ্ট ভাবে জনায় ৷ ৰাইজৰ প্ৰত্যুত্তৰত অতিৰিক্ত মূখ্য সচিব ৰাজীৱ বৰাই চৰকাৰৰ নিৰ্দেশমতে তেওঁলোকে ৰাইজৰ অভিমত গ্ৰহন কৰিবলৈ আহিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ হৈ চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব বুলি কয়৷ তাৰ পিছত চৰকাৰ সদিচ্ছা অনুযায়ী গাঁও দুখনৰ স্থিতি বি টি এ ডি নে পূৰ্বৰ দৰং জিলাত নিৰ্ধাৰিত হ’ব সেয়া থিৰাং হ’ল৷ ৷