
চাবুৱাঃ অসমৰ জাতীয় সংগঠনক উপহাস কৰি এইবাৰ জাতীয় সংগঠনৰ বেনাৰ ফলাৰ অভিযোগ উত্থাপন গৈছে অইলৰ বিষয়াৰ বিৰুদ্ধে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বেনাৰ ফলাৰ অভিযোগ উত্থাপন কৰিছে খোদ সংগঠনটোৱে৷
জানিব পৰা মতে, ডিগবৈত সংগঠনটোৱে এটা কাৰ্যালয় আৰু ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চাইকেল আস্থান নিৰ্মাণ কৰি আছিল বুলি কয় সংগঠনটোৱে। কিন্তু শুকুৰবাৰে অৰ্মত্য দেৱ নামৰ এজন অনা অসমীয়া বিষয়াই সংগঠনটোৰৰ বেনাৰ ভৰিৰে গচকি ফালি পেলোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বাবে সাজু কৰাৰ চাইকেল ৰখা ঠাই ডোখোৰ অনিষ্ট কৰাৰ অভিযোগ উত্থাপন হয়৷
ছাত্ৰ-ছাত্ৰীয়ে যাতে চাইকেলখনো ৰাখিব নোৱাৰে তাৰ ব্যৱস্থা কৰাৰ অভিযোগ উত্থাপন কৰি এজন অনা অসমীয়া বিষয়াই জাতীয় সংগঠন বিৰোধী তথা ছাত্ৰ বিৰোধী কাৰ্যক তীব্ৰ গৰিহণা দিয়ে সংগঠনটোৱে৷
তেল কোম্পানীয়ে ব্ৰিটিছ শাসনৰ কালৰ পৰাই অসমৰ তেলৰ ওপৰত লুণ্ঠন চলাই আহিছে বুলি কৈ বৰ্তমান ভাৰতীয় তেল নিগমৰ অসম তেল সংমণ্ডলে ডিগবৈবাসীৰ সমূহীয়া স্বাৰ্থৰ বাবে কোনো পদক্ষেপ লোৱাৰ বিপৰীতে কেৱল লুণ্ঠনৰাজ চলাই আহিছে বুলি কয় সংগঠনটোৱে।
ডিগবৈৰ থলুৱা নিবনুৱাক পিঠি দি ইজনৰ পিছত সিজনকৈ অনা অসমীয়া বিষয়া-কৰ্মচাৰীৰে কাৰ্যালয় উপচি পৰিছে বুলিো অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অইল কৰ্তৃপক্ষৰ মাজত এটুকুৰা ভূমিক লৈ মতানৈক্য হৈ আহিছে৷ এটুকুৰা ভূমি কৃষক মুক্তিয়ে দখল কৰি কাৰ্যালয় নিৰ্মাণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বাবে চাইকেল আস্থান নিৰ্মাণ কৰাৰ বাবে কাম কৰি আছিল৷ কাম কৰাৰ পিছতেই অইল কৰ্তৃপক্ষই খুঁটা পুতি সেই সম্পত্তি অইলৰ বুলি ফলক লগাইছিল৷ তাৰ পিছতেই এই কাৰ্য সংঘটিত হয়৷