ঠেলাত তুলি পত্নীক চিকিৎসালয়লৈ নিয়াৰ বৃথা চেষ্টা বৃদ্ধৰ

মুছলপুৰঃ এজন বৃদ্ধই ঠেলা এখন টলাই নিছে৷ ঠেলাত এগৰাকী ৰুগীয়া বৃদ্ধা৷ সেয়া বৃদ্ধ ঠেলা চালকৰ পত্নী৷ ঠেলাৰ পাছে পাছে প্ৰখৰ ৰ’দক ভেটা দিবলৈ ছাটিটো লৈ এটা কণমানি৷ সেয়া ঠেলা চালকৰ নাতি৷ দেই নিয়া ৰ’দক নেওচি তিনিওৰে লক্ষ্য ১৮ কিঃমিঃ নিলগৰ চৰকাৰী হস্পিতালখন৷

এয়া কোনো চিনেমাৰ কাহিনী নহয়৷ উন্নয়নৰ  প্ৰকৃত স্বৰূপটো উদঙাই এনে এক দৃশ্য দেখিবলৈ পোৱা গ’ল বাক্সা জিলাৰ চৰাইমাৰীত৷ চৰাইমাৰী চকাদ’লৰ এগৰাকী ৭৫ বছৰীয়া বৃদ্ধই নিজ পত্নীক ঠেলাত তুলি চিকিৎসালয়লৈ আনি থকা দৃশ্যই প্ৰত্যক্ষদৰ্শী প্ৰতিজনৰে হৃদয় সেমেকাই তুলিলে৷ বুধবাৰে প্ৰখৰ ৰ’দক নেওচি ৭৫ বছৰীয়া বৃদ্ধ গৰাকীয়ে এখন ঠেলা গড়ীৰে অসুষ্ট পত্নীক চকাদ’লৰ পৰা ১৮ কিলোমিটাৰ নিলগৰ মচলপুৰ চিকিৎসালয়লৈ লৈ আনে৷ 

কিন্তু ঠেলা টানি টানি আদ বাটতে ভাগৰি পৰে বৃদ্ধ গৰাকী৷ বয়সে কোঙা কৰা দেহটোৰে নিজ পত্নীক ঠেলাত কঢ়িয়াই নিবলৈ অক্ষম হৈ পৰে তেওঁ৷ ভাগৰ আৰু বিষে জৰ্জৰ কৰে বৃদ্ধৰ শৰীৰ৷ ফলত উপায়ন্তৰ হৈ পত্নীক চিকিৎসালয়লৈ নিয়া আশা বাদ দি চৰাইমাৰী চ’কৰ ফাৰ্মাচী এখনৰ পৰা দুটা টেবলেট খাই পুনৰ ঘৰলৈ উভটে বৃদ্ধ দম্পত্তিহাল৷ 

জানিব পৰা মতে, ৰঘৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে চকাদ’লৰ ভিতৰাঞ্চললৈ এম্বুলেঞ্চ নাযায়৷ বিস্তৃত অঞ্চলজুৰি কোনো চৰকাৰী চিকিৎসা কেন্দ্ৰ নথকাত অঞ্চলটোৰ ৰাইজে চিকিৎসাৰ বাবে বাটকুৰি বাই মচলপুৰলৈ আহিবলগীয়া হয়৷ আনহাতে বৃদ্ধ দম্পত্তিহালৰ আৰ্থিক দুৰাৱস্থাৰ বাবে নিৰুপায় হৈ ঠেলা গাড়ীৰেই চিকিৎসা কেন্দ্ৰলৈ নিয়া হৈছিল৷ 

ইফালে এই হৃদয় বিদাৰক দৃশ্যই হাগ্ৰামা মহিলাৰীৰ আদৰ্শ বিটিএডি আৰু পৰিৱৰ্তনকামী ৰাজ্য চৰকাৰৰ পৰিৱৰ্তনৰ ফপোলা স্বৰূপ প্ৰকাশ কৰিছে বুলি সচেতন মহলে ব্যক্ত কৰিছে৷