
newsnextone.com | ডিব্ৰুগড়ঃ মোডী চৰকাৰৰ নোটবন্দীয়ে দেশত কি নতুন প্ৰভাৱ পেলাইছে৷ নোটবন্দীৰ পিছত দেশৰ সাধাৰণ জনতাই কি ফল লাভ কৰিলেনে৷ নতুন মুদ্ৰা নীতিয়ে বিয়াগোম কেলেংকাৰীত অভিযুক্ত সকলৰ বন্ধ কোঠাৰ পৰা ক’লা ধন বোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল নে৷ এই সকলোবোৰ এতিয়া একো একোটা চিন্তাৰ বিষয় হৈ পৰিছে৷
নতুন মুদ্ৰানীতিয়ে দেশৰ জনসাধৰণৰ বাবে কি নতুনত্ব আনিলে সেয়া আন এক বিষয়৷ কিন্তু মোডীৰ নতুন মুদ্ৰা নীতিৰ পিছতে অলপ অলপকৈ হ’লেও জমাকৃত ক’লা ধন বাহিৰ হৈ থকা পৰিলক্ষিত হৈছে৷
এইবাৰ ডিব্ৰুগড় জিলাত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ পুৰণা নোট উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, ডিব্ৰুগড় জিলাৰ গাভৰুপথাৰ আৰক্ষী চকীৰ সমীপৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৪২ লক্ষ টকাৰ পুৰণা নোট৷ নোটখিনিৰ লগতে আৰক্ষীয়ে গৌতম চাহানী আৰু সৃষ্টি হাজৰিকা নামৰ দুগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়৷
ধৃত লোক দুজনে পুৰণা নোটখিনি ক’ৰ পৰা আনিছিল সেয়া জানিবলৈ আৰক্ষীয়ে সোধপোছ আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে৷