
newsnextone.com | নগাঁওঃ যাৰ থাকিবলৈ নাই এটা ঘৰ৷ যাৰ ঘৰৰ পৰা আকাশ দেখা পায়৷ বৰষুণ দিলে পলিথিন মেৰিয়াই থাকিব লাগে যিয়ে৷ যিয়ে সমগ্ৰ জীৱনটোৱে অন্নৰ বাবে যুঁজ দিছে৷ যাৰ বাবে এসাজ ভাত এক সপোন৷ যাৰ বাবে এযোৰ কাপোৰ এক সপোন৷ ভিক্ষা নুখুজিলে এসাজ খাবলৈ নাপায় যিয়ে৷ তেনেই এগৰাকী লোকৰ টকা খালে এগৰাকী মানুহে৷ এই ঘটনা সংঘটি হৈছে অসম মুলুকৰ নগাঁও জিলাত৷
দুৰ্নীতি কৰিলে ধৰোতা কোনো নাই। এতিয়া এই নীতিৰে চলিছে নগাঁও জিলাৰ একাংশ বেংকৰ শাখাৰ বিষয়া-কৰ্মচাৰী। নগাঁও জিলাত এটি চক্ৰই বেংকৰ বিষয়া আৰু কৰ্মচাৰী সৈতে মিলি কোটিৰ ঘৰত সংখ্যালঘু ছাত্ৰ-ছাত্রীৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই এইবাৰ পোহৰলৈ আহিছে ধন ঘটাৰ নামত ভিক্ষা বৃত্তিত জৰিত এগৰাকী সৰ্বহাৰা মহিলাৰ ধন খোৱাৰ দৰে ঘটনা।
শেহতীয়াকৈ পোহৰলৈ আহে এই ঘটনা। ভুৱা ছাত্ৰ-ছাত্ৰী দেখুৱাই সংখ্যালঘু ছাত্ৰৰ বৃত্তিৰ লাখ লাখ টকা আত্মাসাৎ কৰাৰ দৰেই নগাঁও জিলাত এগৰাকী দৰিদ্ৰ মহিলাৰ বৃদ্ধ পঞ্চনৰ ধন আত্মাসাৎ কৰে বেংকৰ লোকে৷ ডুমডুমীয়া আৰক্ষী পহৰা চকীৰ এলেকাৰ বালিসত্ৰ গাঁৱৰ মিলিকজান নামৰ এগৰাকী ভিক্ষাৰী মহিলাৰ বৃদ্ধ পেঞ্চনৰ তিনি হেজাৰ টকা আত্মসাৎ কৰে ভাৰতীয় ষ্টেট বেংকৰ ধিং শাখাৰ অন্তৰ্গত জেঙনীস্থিত চিএচপিৰ গৰাকী ছাইফুল ইছলামে।
অতি দৰিদ্ৰ লোকৰ ঘৰে ঘৰে গৈ এমুঠি অন্ন মাগি আনি খোৱা মহিলাগৰাকীৰ পেঞ্চনৰ ধন আত্মসাৎ কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মহিলাগৰাকীৰ উক্ত শাখাত থকা ৩৩০৬৩৫১৪৩৮৪ নম্বৰৰ একাউণ্টৰ পৰা চিএচপিৰ গৰাকী ছাইফুল ইছলামে ২০১৭ বৰ্ষৰ ৩১ মে’, ০৮ জুনত পৃথকে-পৃথকে মিলিকজান নামৰ মহিলাৰগৰাকীৰ পৰা হাতৰ আঙুলিৰ ছাপ লৈ সম্পূৰ্ণ টকা খিনি উলিয়াই।
নিৰক্ষৰতা আৰু দাৰিদ্ৰৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি ইছলামে টকা খিনি আত্মসাৎ কৰে বুলি এজাহাৰত প্ৰকাশ। ভিক্ষাৰী মহিলাই সাংবাদিকক জানিবলৈ দি কয় যে চৰকাৰে দিয়া বৃদ্ধ পেঞ্চনৰ টকা ইছলামে উঠাই নিয়ে৷ টকা খুজিলে ইছলামে মাৰধৰ কৰাৰ ভাবুকি দিয়ে। সম্প্ৰতি শংকিত হৈ পৰা ভিক্ষাৰী মহিলাৰ কৰুণ কাহিনী কোনে শুনিব? যোৱা ১৯ এপ্ৰিলত ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে চিএচপি গৰাকী স্বামী ছাইফুল ইছলামৰ বিৰুদ্ধে বৃদ্ধ পেঞ্চনৰ ধন আত্মসাৎ কৰাৰ অভিযোগত ডুমডুমীয়া আৰক্ষী পহৰা চকীত এক এজাহাৰ দাখিল কৰে।
আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ৪২০/৪০৬ ধাৰাত ১৬২/১৮ নম্বৰত গোচৰ ৰুজু কৰে যদিও আজিকোপতি আৰক্ষীয়ে তদন্ত নকৰাৰ অভিযোগ উত্থাপন হৈছে৷