মৃত্যু আহে গোপনে...

ডিব্ৰুগড়ঃ মৃত্যু আহে সংগোপনে৷ কাৰ মৃত্যু কেতিয়া হয় কোনে জানে৷ মৃত্যু আহে জীৱনলৈ গোপনে গোপনে৷ মৃত্যু ৰৈ থাকে এছাটি বতাহ হৈ অট্টালিকাৰ ছাদত৷ মৃত্যু ৰৈ থাকে এটা ছাঁ হৈ ব্যস্ত ৰাজপথত৷ সুযোগ পালেই যিয়ে কোঙা কৰে সপোনৰ দুই হাত৷ 

সুযোগ পালেই মৃত্যুৱে কাঢ়ি লৈ যায় দুওঁঠৰ মাত৷ এনে কিছু মৃত্যুক সহজে লব নোৱাৰি৷ কোনোবাজনৰ মৃত্যুৱে সকলোকে কন্দুৱাই৷ হয়, তাইৰ মৃত্যুৱে সকলোকে কন্দুৱাইছে৷ নম্ৰ, অমায়িক কিশোৰীগৰাকীক কিছু সময় আগলৈ হাঁহি, ধেমালি কৰিছিল৷ কিন্তু নিষ্ঠুৰ নিয়তিয়ে তৎমুহূৰ্ততে কাঢ়ি নিয়ে তেওঁৰ প্ৰাণ৷

ডিব্ৰুগড় জিলাৰ চাবুৱা অাৰক্ষী থানাৰ অন্তৰ্গত দধিয়াত বৃহস্পতিবাৰে পুৱা ব্ৰজপাত পৰি শুৱলা মিপন নামৰ এগৰাকী নৱম শ্রেণীৰ ছাত্ৰীৰ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰে৷ 

জানিব পৰা মতে, কিশোৰীগৰাকীয়ে বাৰান্দাত তাঁত শালত বহি থকা অৱস্থাত ব্ৰজপাত পৰাত ছাত্রীগৰাকী থিতাতে মৃত্যু হয়৷ চাবুৱা অাৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোণোওৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে৷ 

কিশোৰীগৰাকীৰ হঠাৎ এনেদৰে মৃত্যুক হোৱাত পৰিয়ালটো শোকত ভাগি পৰে৷ কিশোৰীগৰাকী মৃত্যুত চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই মৰ্মাহত হৈ পৰা বুলি জানিবলৈ দি পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰে৷ অানহাতে বিধায়ক বিনোদ হাজৰিকাৰ উদ্যোগত ৰাজ্য চৰকাৰে পৰিয়ালক ৪ লাখ টকা এককালীন সাহায্য প্ৰদান কৰে৷