
মাৰ্ঘেৰিটাঃ বুধবাৰে পুৱা অৰুণাচলত সংঘটিত হোৱা গ্ৰেনেড আক্ৰমণত এগৰাকী সেনা জোৱানৰ মৃত্যু হয়৷ সেনা জোৱানজন ৰাজস্থানৰ বিকানাৰ জিলাৰ ডিৰাকছাৰৰ বুলি জানিব পৰা গৈছে৷ নংথাও আৰু খামটিৰ মাজত মঙলবাৰে আলফা আৰু এনএচচিএনে সেনাক লক্ষ্য কৰি আক্ৰমণ কৰাৰ ঘটনাত সেনা জোৱানৰ মৃত্যু হোৱাৰ খবৰ আহিছে বহু পলমকৈ৷
বিদ্ৰোহী সংগঠন আলফাই (স্বাধীন) তিনিচুকীয়াৰ অসম-অৰুণাচল সীমান্তত সংঘটিত কৰা এই ঘটনাই আগন্তুক গণ ৰাজ্য দিৱসলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিব সীমান্ত অঞ্চললৈ৷ গণৰাজ্য দিৱসলৈ মাজত মাথো কেইটামান ঘন্টা বাকী থকা অৱস্থাত অৰুণাচলৰ প্ৰদেশৰ নংথাও আৰু খামটি তথা নামচাইত পৰেশ বৰুৱা নেতৃত্বাধীন আলফাই এই কাণ্ড সংঘটিত কৰে৷
সেনাবাহিনীৰ কনভয়ত আলফা স্বাধীনৰ এটা গোটে ভয়াবহ আক্ৰমণ সংঘটিত কৰে৷ গ্ৰেনেড দলিয়াই আক্ৰমণ কৰে যদিও এতিয়ালৈ ঘটনাত পুৱাৰ ভাগত হতাহতৰ খবৰ পোৱা হোৱা নাছিল৷ বহু পলমকৈ এই ঘটনাত এজন জোৱানৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷