
লালুকঃ সমগ্ৰ ৰাজ্যই উলাহ-মালহেৰে গণ ৰাজ্য দিৱস পালন কৰাৰ সময়তে আৰক্ষীৰ জালত পৰিল এগৰাকী জালনোট ব্যৱসায়ী৷
লখিমপুৰ জিলাত জালনোট চক্ৰৰ সম্ৰাট নামেৰে বিখ্যাত মিজানুৰ ৰহমান ওৰফে মিজুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় শুকুৰবাৰে৷
আৰক্ষী বিষয়া জন পাঠৰীৰ নেতৃত্বত চলা অভিযানত বিহপুৰীয়াৰ ২নং ইছলামপুৰৰ নিজ বাসগৃহৰ পৰা জালনোট মুদ্ৰিত কৰা মেচিন সহ আটক কৰিবলৈ সক্ষম হয়৷ লখিমপুৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত বিহপুৰীয়া আৰু বঙালমৰা আৰক্ষীৰ অভিযানত ধৰা পৰে মিজু৷