নগাঁৱত চলিছে নিচাজাতীয় দ্ৰব্যৰ ব্যাপক প্ৰচলন, পুৱাই অভিযানত জালত পৰিল দুজন

newsnextone.com | নগাঁওঃ নগাঁও জিলাত নিচাজাতীয় দ্ৰব্যৰ ব্যাপক প্ৰচলন আৰু ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে নগাঁও আৰক্ষীৰ অভিযানত জালত পৰিল এগৰাকী ড্ৰাগছ ব্যৱসায়ী। নগাঁৱৰ মাজপাথৰিত আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় টিংকা আলী নামৰ ব্যৱসায়ীজনক। 

অভিযান কালত আৰক্ষীয়ে জব্দ কৰা এখন ইণ্ডিকা বাহন আৰু আৰু এখন স্কুটীৰ পৰা ২৬ কাৰ্টন নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। বিশেষ খবৰৰ ভিত্তিত নগাঁৱৰ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযান টিংকা আলীৰ সহযোগী এজনকোঁ আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।