মহিলাৰ জালত পৰিল পুৰুষ, ছিৰিঞ্জেৰে দেহত বৰবিহ সোমোৱাই নিচাত মাতাল হয় যুৱক

newsnextone.com | লিডুঃ উজনি অসমত ড্ৰাগছ, ধোৱা বিহীন ধপাত, মদৰ অবাধ প্ৰচলন অব্যাহত থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ দিনক দিনে ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে৷ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে ধপাত, ড্ৰাগছ, ধোৱা বিহীন ধপাতৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰ চলাই ৰাইজক সচেতন কৰাৰ চেষ্টা চলাই গৈছে যদিও তেনে সময়তে উজনি অসমৰ কেইবাখনো জিলাৰ বিভিন্ন ঠাইত ড্ৰাগছৰ ব্যাপক প্ৰচলনে যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ আগবঢ়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে৷ 

বৰবিহ স্বৰূপ ড্ৰাগছে কোঙা কৰি পেলাইছে জিলাকেইখনৰ অলেখ যুৱকক৷ বহু যুৱকে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে৷ তাৰ মাজতে তিনিচুকীয়াত জিলাত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈছে। জীৱন ধ্বংস কৰা এটি বৃহৎ চক্ৰই বহু প্ৰভাৱশালী লোকৰ সৈতে মিলি এই ব্যৱসায় কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী থানাৰ অন্তৰ্গত উলুপ, ইনথেম, নগাপথাৰ, লালমাটি, ব্ৰহ্মজান, কেটেটং আদি অঞ্চলত ড্ৰাগছ-কানিৰ ৰমৰমিয়া বেহা চলি থকাৰ অভিযোগ বহুদিনীয়া৷ এলেকাসমূহত একাংশ লোকে ড্ৰাগছ কানিৰ ব্যৱসায় কৰি যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ আগবঢ়াই নিছে৷ আৰক্ষী তথা প্ৰশাসনক মেনেজ কৰি অঞ্চলটোত ড্ৰাগছ, কানিৰ দৰে নিচা জাতীয় দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা বুলি অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ইমথেম গাঁৱৰ পৰা সঞ্জীৱ সোণোৱাল নামৰ এজন ড্ৰাগছ ব্যৱসায়ী মহিলাৰ জালত পৰে৷ 

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদে অভিযান চলাই ড্ৰাগছ সৰবৰাহ কৰাৰ সময়তে জালত পেলাবলৈ সক্ষম হয় লোকজনক৷ পিছত লোকজনক মহিলাসকলে আৰক্ষীক গতাই দিয়ে৷ সঞ্জীৱ সোণোৱাল নামৰ ড্ৰাগছৰ ব্যৱসায়ী জনৰ পৰা ২৭৫ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়৷ 

উল্লেখ্য যে, এটি অসাধু চক্ৰই ড্ৰাগছ কানিৰ অবাধ হাৰত প্ৰচলন কৰি আহিছে মাৰ্ঘেৰিটা, কেটেতেং, ইমথেম, নগাপথাৰ, নংলাই, ডিবঙকে ধৰি লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত নিংগাম, টাইফেকে আদি জনগোষ্ঠীয় প্ৰধান অঞ্চলসমূহত৷ স্থানীয় আৰক্ষী-প্ৰশাসন থকাৰ পিছতো কানি-গাঞ্জাৰ দৰে মাৰাত্মক নিচাজাতীয় দ্ৰব্য সমূহৰ ৰমৰমীয়া বেহা কেনেদৰে চলিছে তাক লৈ চিন্তিত নাগৰিক সমাজ৷ ড্ৰাগছ, কানি-গাঞ্জাৰৰ দৰে নিচাজাতীয় সামগ্ৰীৰ এখন বৃহৎ বজাৰ গঢ়ি উঠিছে। 

ড্ৰাগছ বিক্ৰী কৰাৰ লগতে সেৱন কৰাৰ সুবিধা প্ৰদান কৰি আহিছে প্ৰভাৱশালী চক্ৰটোৱে। বহু যুৱকক ড্ৰাগছ বিক্ৰী কৰে বুলি জানিব পৰা গৈছে। শিৱসাগৰ, তিনিচুকীয়াত ড্ৰাগছৰ ব্যৱসায় চলি থকাৰ পিছতো প্ৰশাসনে অৱগত নোহোৱাত ৰাইজ চিন্তিত হৈ পৰিছে। একাংশ স্কুল আৰু কলেজীয়া ছাত্ৰই ড্ৰাগছ সেৱনত জড়িত হৈ পৰা বুলি জানিব পৰা গৈছে৷

উক্ত ঘাটিত তথা জুপুৰিত একাংশ যুৱকে ছিৰিঞ্জেৰে ড্ৰাগছ লৈ থকা ভিডিঅ’ newsnextone.comৰ হাতত পৰিছিল৷ সেয়া এক অভিযানৰ জৰিয়তে পোহৰলৈ আনিছিল newsnextone.com-এ৷ ৰাজ্যত যি সময়ত ড্ৰাগছৰ বিৰুদ্ধে সচেতনতা বৃদ্ধিৰ বাবে চৰকাৰে কাম কৰি গৈছে ঠিক তেনে সময়তে এই চক্ৰটোৱে ব্যৱসায় অব্যাহত ৰাখিছে৷